মঙলবাৰে শিৱসাগৰত পদ্মশ্ৰী, বিশিষ্ট কথা শিল্পী ইমৰান শ্বাহৰ ৮৯ সংখ্যক ওপজা দিন উদযাপন কৰা হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত তথা ৰংপুৰ সাহিত্য সভাৰ সহযোগত সাহিত্যিক গৰাকীৰ বাসগৃহৰ চৌহদত উদযাপন কৰা হয় ওপজা দিন।
Assam News Today
নতুন প্ৰজন্মক ভাল কামত, জাতিৰ স্বাৰ্থত আনৰ পৰামৰ্শলৈ বাট নাচাই নিজেই আগভাগ লোৱাৰ আহ্বান । অসমীয়া ভাষাৰ প্ৰতি অহা সমস্যা তথা ভাবুকিকলৈও উদ্বেগ প্ৰকাশ সাহিত্যিকগৰাকীৰ ।
Latest News In Assamese:
জন্ম দিনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে অসমীয়া মানুহে সম্প্ৰতি সংকট অহালৈ বাট চাই থকা যেন অনুভৱ হোৱা বুলি উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও তিনিখন বিতৰ্কিত কৃষি আইন বাতিল হোৱাৰ পিছতহে "কা " আন্দোলন পুনৰ গঢ়ি তুলিবলৈ এচামে কৈছে , মাজৰ সময়ছোৱাত কি কৰি আছিল বুলিও অনুভৱ প্ৰকাশ কৰে ইমৰান শ্বাহে।
News in Assamese
এই উপলক্ষে অনুষ্ঠিত সভাত কথা শিল্পী গৰাকীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ সৃষ্ট তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰা হয় ইমৰান শ্বাহৰ প্ৰৱন্ধ পুথি " উপকূল ", কাব্য সংকলন " বৰষুণ " আৰু ইমৰান শ্বাহ , স্বৰ্ণজ্যোতি বৰুৱা বৰবৰাৰ সংকলিত " ভুৰুকা : বনবাসীৰ পৰা লিহিৰী বনলৈ "।
জিলা সাহিত্য সভাৰ সন্তোষ দত্তই আঁত ধৰা উক্ত অনুষ্ঠানতে শিৱসাগৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা ৰীতামণি বৰাৰ " ইমৰান শ্বাহৰ গল্প শৈলিৰ বিশ্লেষণ" আৰু " চুটি গল্প আৰু অন্যান্য প্ৰসংগ" শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়। ইমৰান শ্বাহকলৈ লিখা এটি গীটো পৰিৱেশন কৰে অংকুৰণ আৰ্ফে ।
অনুষ্ঠানত বিশিষ্ট লেখক, সাহিত্যিক, ভাষাবিদ নাহেন্দ্ৰ পাদুন, শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰকাশ কটকীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Bongaigaon Cabinet Meeting :
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|