உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘খিলঞ্জীয়া কৃষকসকলে আত্মজাহ দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকক আত্মসংস্থাপনহে দিয়া হ’ব’ –

    ‘খিলঞ্জীয়া কৃষকসকলে আত্মজাহ দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকক আত্মসংস্থাপনহে দিয়া হ’ব’ –

    থলুৱা লোকৰ কাৰণে চৰকাৰে যি যাত্ৰা আৰম্ভ কৰিছে তাত থলুৱাৰ কৃষকসকলৰ শংকাৰ কোনো কাৰণ নাই।

    থলুৱা লোকৰ কাৰণে চৰকাৰে যি যাত্ৰা আৰম্ভ কৰিছে তাত থলুৱাৰ কৃষকসকলৰ শংকাৰ কোনো কাৰণ নাই।

    থলুৱা লোকৰ কাৰণে চৰকাৰে যি যাত্ৰা আৰম্ভ কৰিছে তাত থলুৱাৰ কৃষকসকলৰ শংকাৰ কোনো কাৰণ নাই।

    • Share this:
    দৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰৰ পৰা ফুহুৰাতলী, কিৰাকাটাৰ পৰা কুৰুৱালৈ ৭৭ হাজাৰ ৪২০ বিঘা ভূমিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যিক কেবিনেটৰ অনুমোদনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ অসম চৰকাৰৰ বহুমুখী কৃষি উন্নয়ন প্ৰকল্প স্থাপন পৰাৰ নিৰ্দেশ দিছিল। শেহতীয়াভাৱে প্ৰকল্পৰ কাম আগবাঢ়ি  থকাৰ সময়তেই সাংবাদমেলযোগে একাংশ খিলঞ্জীয়া কৃষকে ক্ষোভ ব্যক্ত কৰি আত্মজাহৰ ভাবুকি দিয়ে। খিলঞ্জীয়া কৃষক সকলৰ অভিযোগ, ১৯৫৮ চনৰ পৰাই ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ-চাপৰি এলেকাত ২৩২০ বিঘা ভূমিত কৃষিকৰ্ম কৰি আহিছিল অঞ্চলটোৰ ১২০০ টাতকৈ অধিক পৰিয়ালে। চৰকাৰৰ এই প্ৰকল্পৰ জৰিয়তে খিলঞ্জীয়া লোকে ৰক্ষণাবেক্ষণ দি অহা ভূমিতহে আৰম্ভ কৰিব বিচাৰিছে অসম চৰকাৰৰ বহুমুখী কৃষি উন্নয়ন প্ৰকল্প। যাৰ কাৰণে কৃষক সকলে সমূহীয়াভাৱে আত্মজাহৰ ভাবুকি দিয়ে।

    বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হোৱা কেবিনেটে ছিপাঝাৰ বহুমুখী কৃষি উন্নয়ন প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা দি প্ৰকল্প আগবঢ়াই নিয়াৰ নিৰ্দেশ দিয়াৰ পিছতেই বৃহস্পতিবাৰে মঙলদৈ জিলা পুথিভঁৰালত উপস্থিত হৈ ছিপাঝাৰ কৃষি প্ৰকল্পৰ অধ্যক্ষ হাজৰিকাই কয়, "তেওঁলোকে আত্মজাহ দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকক আত্মসংস্থাপনহে দিয়া হ’ব উক্ত স্থানত। চৰকাৰৰ এই কাৰ্যক ষড়যন্ত্ৰ মূলক ভাবে একাংশ লোকে বাধা দিয়াৰ চেষ্টা কৰিছে।’’ এই বাধা প্ৰতিৰোধ কৰিবলৈ সাজু বুলিও উল্লেখ কৰিলে পদ্ম হাজৰিকাই।

    থলুৱা লোকৰ কাৰণে চৰকাৰে যি যাত্ৰা আৰম্ভ কৰিছে তাত থলুৱাৰ কৃষকসকলৰ শংকাৰ কোনো কাৰণ নাই। সন্দেহজনক লোকসকলৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি পদ্ম হাজৰিকাই কয়, সন্দেহজনক লোকসকলক উচ্ছেদ কৰি কৰা হ’ব বহুমুখী কৃষি পাম। ইয়াত ধৰ্মৰ কোনো কথা নাই। প্ৰকৃত ভাৰতীয়ই পাব সকলো সুবিধা।

    লগতে উক্ত স্থানত যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে বন বিভাগৰ জৰিয়তে বনানীকৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে হাজৰিকাই। মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা বিশেষ বৈঠকত ছিপাঝাৰৰ কৃষকসকলৰ লগতে উপস্থিত থাকে জিলা উপায়ুক্ত প্ৰভাতী থাওছেন, ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ।
    Published by:Sanjay Kumar Das
    First published: