মুখ্যমন্ত্ৰীৰ এক স্বপ্নৰ প্ৰকল্প 'গৰুখুঁটি'। এই গৰুখুঁটিক লৈ বিধানসভাৰ মজিয়াত বিতৰ্ক অব্যাহত৷ গৰুখুঁটিলৈ আবণ্টিত পুঁজিৰ ব্যাপক খেলিমেলিৰ অভিযোগ তুলি বুধবাৰে একপ্ৰকাৰ সদন উত্তাল কৰিলে একাংশ বিৰোধী বিধায়কে৷ সদনৰ মজিয়াত বিৰোধীৰ মুখ বন্ধ কৰিলে বিধায়ক পদ্ম হাজৰিকাই৷ মন্ত্ৰীকো দিলে এজাউৰি।
সদনৰ মজিয়াত বৰপেটাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদে গৰুখুঁটি প্ৰকল্প সন্দৰ্ভত উত্থাপন কৰা এটা প্ৰশ্নৰ আঁত ধৰি আৰম্ভ হৈছিল গৰুখুঁটি বিতৰ্ক ৷ বিধায়ক আহমেদৰ পোনপটিয়া অভিযোগ, চৰকাৰী ধনৰ হৈছে ব্যাপক অপচয় ৷ বিধায়ক পদ্ম হাজৰিকাৰ ESCORT, PILOTক লৈও টিপ্পনী কৰিছিল আব্দুৰ ৰহিমে৷
এই অভিযোগৰ উত্তৰ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই এইদৰে- "পদ্ম হাজৰিকাৰ এছক'ৰ্ট পাইলট কংগ্ৰেছ চৰকাৰৰ দিনতে দিয়া হৈছিল। তেওঁৰ ওপৰত আক্ৰমণ হোৱাৰ বাবে৷"
ইয়াৰ পিছতে গৰুখুঁটি প্ৰকল্প উচ্ছেদিত লোকক ঘূৰাই দিব লাগে বুলি দাবী কৰিলে বিধায়ক আহমেদে৷ বৰপেটা সদৰ সমষ্টিৰ বিধায়কগৰাকীৰ এই দাবীৰ লগে লগে উত্তাল হ'ল সদন ৷ বহু সময় ধৰি সদনত বিৰাজ কৰিলে হুলস্থূলীয়া পৰিৱেশৰ ৷ এই সকলোবোৰক লৈ অসন্তুষ্ট আৰু ক্ষুণ্ণ বিধায়ক পদ্ম হাজৰিকাই কৃষি বিভাগৰ কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি ৰখা বক্তব্যৰ জৰিয়তে দিলে প্ৰতিটো অভিযোগৰ উত্তৰ- "গৰুখুঁটিৰ একাউণ্টত জমা আছে ৫ কোটি ৷ গাত AK47ৰ গুলী, স্প্লিণ্টাৰ লৈ কোন বিধায়ক আছে? ESCORT, PILOT মোক কংগ্ৰেছ চৰকাৰৰ দিনতে দিছিল ৷ কৃষি আৰু জলসিঞ্চনৰ আন্তঃগাঁথনিৰ অভাৱ আছে গৰুখুঁটিত ৷ ছ'লাৰ চলিবলৈ ৰ'দ লাগে ৷ যেতিয়া পানী লাগে সময়ত দিব পৰা নাই ৷ এই প্ৰকল্প সফল হ'ব৷"
গিৰ গাইসমূহ কি অৱস্থাত আছে সকলোবোৰ ক'লে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰ মাজতে মন্ত্ৰী অতুল বৰাই গৰুখুঁটি সন্দৰ্ভত কথাবোৰ স্পষ্টকৈ নোকোৱাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিলে পদ্ম হাজৰিকাই ৷ উল্লেখ্য যে দৰং জিলাৰ গৰুখুঁটিত হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) চৰকাৰৰ আৰম্ভণিতে চৰকাৰী ভূমিত সন্দেহজনক লোকক উচ্ছেদ কৰি আৰম্ভ হৈছিল গৰুখুঁটি প্ৰকল্প ৷ এই প্ৰকল্পৰ জৰিয়তে জৈৱিক কৃষিলৈ আমোল পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছিল চৰকাৰে ৷ কিন্তু এই চেষ্টাক লৈয়েই অব্যাহত আছে প্ৰথমৰে পৰা বিতৰ্ক।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 00:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।