ভাদমাহলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে। অসমীয়া সমাজ জীৱনত পবিত্ৰ মাহ হিচাপে চিহ্নিত ভাদমাহত নামঘৰে নামঘৰে মাহজোৰাকৈ চলে গুৰু দুজনাৰ গুণানুকীৰ্তন। ভাদ মাহতে উজনি অসমৰ অন্যতম পীঠস্থান হিচাপে পৰিচিত যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ অসমৰ লগতে আন আন ৰাজ্যৰ পৰাও অগণন ভক্তৰ সমাগম ঘটে। কিয়নো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰত ভাদমাহত মাহজোৰাকৈ অনুষ্ঠিত হয় চাৰি-প্ৰসংগীয়া পালনাম।
কিন্তু এইবাৰ ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ পৰিৱেশ নাই। স্বাভাৱিকতে ভকতসকলক আদৰিবলৈ যেনেদৰে প্ৰস্তুতি পূৰ্বতে দেখা গৈছিল,সেই উচাহ এইবাৰ নাই। কাৰণ কোভিড-১৯ ভয়াৱহতাৰ বাবে দীৰ্ঘদিন বন্ধ হৈ থকা নামঘৰৰ মূল দুৱাৰ যোৱা ৮ মে'ত ভকতসকলৰ বাবে খোলা দিয়ে যদিও ভদীয়া পালনাম কেনেদৰে আয়োজন কৰিব অথবা ভকতসকলক কেনেদৰে সেৱা আগবঢ়াব,সেই বিষয়ক লৈ চিন্তিত হৈ পৰিছে। যিহেতু শ শ বছৰীয়া পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত চাৰি-প্ৰসংগীয়া নাম এইবাৰো আয়োজন কৰাতো প্ৰায় নিশ্চিত তথাপিও চৰকাৰী নিৰ্দেশনা অনুসৰিহে পৰম্পৰা ৰক্ষা কৰিব নামঘৰ কৰ্তৃপক্ষই।
এই সন্দৰ্ভত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবিণ কলিতাই কয় যে, ইতিমধ্যে ৰাজহুৱা সিদ্ধান্ত অনুসৰি ভাদমহীয়া পালনাম আয়োজনৰ দিহা কৰিছে। কিন্তু চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰিহে দেশ, জাতিৰ মংগলাৰ্থে আয়োজন কৰি অহা এই মহৎ অনুষ্ঠান ভাগ অনুষ্ঠিত হ’ব। সামাজিক দূৰত্ব, স্বাস্থ্যজনিত সাৱধানতা আদি সকলোবোৰ প্ৰশাসনৰ নিৰ্দেশনা অনুসৰিয়েই অতিথি সকলে মানি চলিব লাগিব। এই সন্দৰ্ভত ইতিমধ্যে যোৰহাট জিলা উপায়ুক্তৰ লগত আলোচনা চলি থকা হৈছে বুলিও জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে।
উল্লেখ্য যে, ঢেকীয়াখোৱাৰ বুঢ়ীদিহাৰ পাৰত গুৰুজনাই জ্বলাই যোৱা অক্ষয় বন্তিগছিয়ে আজিও বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ। লোক বিশ্বাস অনুসৰি, মহাপুৰুষ মাধৱদেৱে চাৰিখুটি মাৰি জ্বলাই স্থাপন কৰা এই নামঘৰত সেৱা ধৰিলে মনোকামনা পুৰণ হয়। আৰু সেই লৈয়ে পবিত্ৰ ভাদমাহত লাখ লাখ ভকতৰ আগমন ঘটে ঢেকীয়াখোৱা বৰনামঘৰলৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|