বছৰৰ আৰম্ভণিতে ভাল খবৰ, AMCHত প্ৰথমবাৰৰ বাবে কাৰ্যক্ষম হ’ল দুটা বৃহৎ অক্সিজেন জেনেৰেশ্যন প্লাণ্ট

অক্সিজেন জেনেৰেশ্যন প্লাণ্ট দুটা কাৰ্যক্ষম হৈ উঠাৰ লগে লগে মেডিচিন আই চি ইউ, চেন্ট্ৰেল আই চি ইউ, কোভিড আই চি ইউৰ ৰোগীক প্ৰয়োজনী অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে।
অক্সিজেন জেনেৰেশ্যন প্লাণ্ট দুটা কাৰ্যক্ষম হৈ উঠাৰ লগে লগে মেডিচিন আই চি ইউ, চেন্ট্ৰেল আই চি ইউ, কোভিড আই চি ইউৰ ৰোগীক প্ৰয়োজনী অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে।
- News18 Assam
- Last Updated: January 1, 2021, 4:45 PM IST
ইয়াৰ লগে লগে শ শ ৰোগীলৈ কঢ়িয়াই আনিছে সকাহ। বৃহৎ দুটা অক্সিজেন জেনেৰেশ্যন প্লাণ্টত মুঠ ৪০ হাজাৰ কেজি লিকুইড গেছ সংৰক্ষণ কৰি তাক অক্সিজেনলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে। অক্সিজেন উৎপাদৰ এই ব্যৱস্থা অসম চিকিৎসা মহাবিদ্যালয়তে আৰম্ভ কৰাত এতিয়াৰে পৰা বিগত সময়চোৱাত সৃষ্টি হোৱা অক্সিজেনৰ নাটনি দূৰ হোৱাত যথেষ্ট সহায়ক হৈ পৰিব বুলি সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কুমাৰ কাকতি আৰু অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই।
অক্সিজেন জেনেৰেশ্যন প্লাণ্ট দুটা কাৰ্যক্ষম হৈ উঠাৰ লগে লগে মেডিচিন আই চি ইউ, চেন্ট্ৰেল আই চি ইউ, কোভিড আই চি ইউৰ ৰোগীক প্ৰয়োজনী অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এই পদক্ষেপৰ ফলত চিকিৎসা মহাবিদ্যালয়খনৰ বৃহৎ অংকৰ ধন ৰাহি হ'ব। বিগত সময়ছোৱাত অসম চিকিৎসা মহাবিদ্যালয়ে আন ঠাইৰ পৰা অক্সিজেন ক্ৰয় কৰি আহিছিল আৰু বিভিন্ন সময়ত অক্সিজেনৰ নাটনিও হৈছিল।