গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচাৰ পদক্ষেপ, কোভিড কেয়াৰ চেন্টাৰক প্ৰদান কৰিলে অক্সিজেন কনচেনট্ৰেটৰ

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:25 PM IST
গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচাৰ পদক্ষেপ, কোভিড কেয়াৰ চেন্টাৰক প্ৰদান কৰিলে অক্সিজেন কনচেনট্ৰেটৰ
ছয়দুৱাৰ কলেজত থকা  কোভিড কেয়াৰ চেন্টাৰলৈও দুটা কনচেনট্ৰেটৰ  প্ৰেৰণ কৰা হ'ব।

ছয়দুৱাৰ কলেজত থকা  কোভিড কেয়াৰ চেন্টাৰলৈও দুটা কনচেনট্ৰেটৰ  প্ৰেৰণ কৰা হ'ব।

  • Share this:

কোভিড অতিমাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশৰ অন্যান্য প্ৰান্তৰ লগতে গহপুৰ মহকুমাতো কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে। এনে ভয়াৱহ পৰিস্থিতিত চৰকাৰৰ সমান্তৰালভাৱে বহু অনুষ্ঠান-প্ৰতিষ্ঠান, দল–সংগঠন তথা ব্যক্তিয়ে বিভিন্ন ধৰণে কোভিড ৰোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মহানুভৱতা তথা মানৱতাবোধৰ এই যাত্ৰাত শেহতীয়াকৈ সংযুক্ত হৈছে গহপুৰ মহকুমাৰ ব্ৰহ্মাজান চাহ বাগিচাৰ নাম।


প্ৰণিধাণযোগ্য এই যে কোভিড আক্ৰান্ত ৰোগীৰ বাবে কোনো সময়ত অক্সিজেনৰ যোগান অপৰিহার্য হৈ পৰে। সময়মতে অক্সিজেনৰ যোগান ধৰিব নোৱাৰিলে কোভিড ৰোগীৰ অৱস্থা সংকটপূৰ্ণ হৈ উঠে। অক্সিজেনৰ এনে অপৰিহার্যতাৰ কথা উপলব্ধি কৰি ব্ৰহ্মাজান চাহ বাগিচা কৰ্তৃপক্ষই আজি মহকুমাটোৰ কলাবাৰী আদৰ্শ চিকিৎসালয়ত থকা কেভিড কেয়াৰ চেন্টাৰক প্ৰদান কৰিছে চাৰিটা অক্সিজেন কনচেনট্ৰেটৰ।


সম্পূৰ্ণৰূপে কোভিড প্ৰট'কল পালন কৰি এই উপলক্ষে আদৰ্শ চিকিৎসালয়খনত অনুষ্ঠিত কৰা এক অনুষ্টুপীয়া অনুষ্ঠানত গহপুৰৰ বিধায়ক উৎপল বৰা, গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ,  ব্ৰহ্মাজান চাহ বাগিচাৰ পৰিচালক বিশ্বনাথ পাৰিক ,বাগিচাখনৰ চিকিৎসক হৰিশ কলিতা, কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ তোলন দাস, ডাঃ ঋষৱ হাজৰিকা, চাহ কৰ্মচাৰী তথা অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰাথমিক গোটৰ সম্পাদক ব্ৰবুবাহন তাঁতী, চাহ শ্ৰমিক সুনীল কুমাৰ আদি উপস্থিত থাকে।



উলেখ্য যে উক্ত চাৰিটা কনচেনট্ৰেটৰৰ দুটা কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেন্টাৰত ব্যৱহাৰ কৰাৰ বিপৰীতে আন  দুটা মহকুমাটোৰ ছয়দুৱাৰ কলেজত থকা  কোভিড কেয়াৰ চেন্টাৰলৈ  প্ৰেৰণ কৰা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে।গহপুৰৰ সচেতন ৰাইজে ব্ৰহ্মাজান চাহ বাগিচা কৰ্তৃপক্ষৰ এনে মহানুভৱতাৰ শলাগ লৈছে।

Published by: Gautam Barman
First published: June 10, 2021, 9:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি