নগাঁও সদৰ থানাত গোচৰ তৰিলে ভূক্তভোগী মহিলাই
নগাঁও সদৰ থানাত গোচৰ তৰিলে ভূক্তভোগী মহিলাই
এইবাৰ মালিকে বনকৰা মহিলাৰ ধন আত্মসাৎ কৰি পলায়ন কৰাৰ এক আজৱ ঘটনা সংঘটিত হৈছে নগাঁৱত। নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে নগাঁও সদৰ থানাত।
বনকৰা মহিলাৰ ১ লাখ টকা আত্মসাৎ কৰি ৰফিকুল ইছলাম নামৰ আৰক্ষী জোৱানে কোকৰাঝাৰলৈ বদলি হৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে খাইৰুণ নেছা নামৰ এগৰাকী মহিলাই। নগাঁও আৰক্ষী ছাউনীৰ বিভিন্ন আৰক্ষীৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীৰ পৰা ১ লাখ টকা ভাৰতীয় ষ্টেট বেংকত ফিক্সড ডিপ'জিট কৰাৰ নামত আত্মসাৎ কৰাৰ অভিযোগ তুলি খাইৰুণ নেছাই ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছে।
সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি নিজৰ ধন ঘূৰাই বিচৰা মহিলাগৰাকীয়ে কয়- ''মই আৰক্ষীৰ কাপোৰ ধুই টকা গোটাই বেংকত জমা কৰিছিলোঁ। কিন্তু সি মোৰ টকাকেইটা লৈ পলাই গ'ল। ইপিনে বৃদ্ধা মাতৃৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও আৰু কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক আহ্বান জনায় খাইৰুণৰ কন্যা আজমিৰা বেগমে।
উল্লেখযোগ্য যে সাধাৰণতে মালিকৰ ধন বনকৰা মানুহে চুৰ কৰাৰ অভিযোগ উত্থাপিত হয় যদিও এইবাৰ বনকৰা মহিলাৰ ধন আত্নসাৎ কৰি মালিকে পলায়ন কৰা কাৰ্যই নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই নগাঁও আৰক্ষীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|