২০১৯ বৰ্ষঃ অসমীয়া ছবিৰ বাবে আছিল এক সম্ভাৱনাপূৰ্ণ বছৰ

News18 Assam | News18-Assam
Updated:December 30, 2019, 12:35 PM IST
২০১৯ বৰ্ষঃ অসমীয়া ছবিৰ বাবে আছিল এক সম্ভাৱনাপূৰ্ণ বছৰ
২০১৯ বৰ্ষত মুক্তিপালে প্ৰায় ১৪ খনকৈ অসমীয়া চিনেমাই

২০১৯ বৰ্ষত মুক্তিপালে প্ৰায় ১৪ খনকৈ অসমীয়া চিনেমাই

  • News18 Assam
  • Last Updated: December 30, 2019, 12:35 PM IST
  • Share this:
অসমীয়া চিনেমা, বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আহি অসমীয়া চিনেমাই প্ৰায় ৮৫টা বছৰত ভৰি দিলে। ২০১৯ বৰ্ষটো আছিল অসমীয়া ছবিৰ বাবে অত্যন্ত সম্ভাৱনাপূৰ্ণ বছৰ। ২০১৯ বৰ্ষতে  অসমীয়া চিনেমাই হেৰুওৱা গৰিমা আকৌ এবাৰ ঘূৰাই পোৱাৰ এক সম্ভাৱনা প্ৰকট হৈ উঠিল। ২০১৯ বৰ্ষত মুক্তিপালে প্ৰায় ১৪ খনকৈ অসমীয়া চিনেমাই। যদিও ‍বহু কেইখন ছবিয়ে বক্স অফিচত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল তথাপিও কেইখন মান ছবিয়ে দৰ্শকৰ পৰা লাভ কৰিলে অভূতপূৰ্ব সঁহাৰি।

২০১৯ ৰ আৰম্ভণিতে ছবিগৃহলৈ আহিছিল বিশ্বজিৎ কলিতাৰ পৰিচালনাৰে ভাওৰীয়া নামৰ ছবিখন। ছবিখনত অভিনয় কৰিছিল বিষ্ণু খাৰঘৰীয়া, অতুল পাচনি, নিপন গোস্বামীৰ লগতে বহু ন–পুৰণি শিল্পীয়ে কিন্তু ছবিখনে দৰ্শকৰ পৰা লাভ নকৰিলে বিশেষ সঁহাৰি।


তাৰ পিছে পিছে ছবিগৃহলৈ আহিল ককাইদেউ বিন্দাছ, ৰঙীন, কানীন, চিমা–দ্যা আনট’ল্ড ষ্টৰী আৰু বৰনদী ভটিয়ায়। তাৰে ভিতৰত ককাইদেউ বিন্দাছ, কানীনে দৰ্শকৰ পৰা কিছু সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।


কিন্তু অনুপম কৌশিক বৰাৰ পৰিচালিত বৰনদী ভটিয়ায় ছবিখনে দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি।  ছবিখন চাবলৈ হিলদ’ল ভাঙি ওলাই আহে দৰ্শক। বহু কেইটা ছবিগৃহত প্ৰায় ৪ সপ্তাহ পৰ্যন্ত চলে ছবি খন।


৬ ছেপ্টেম্বৰত ছবিগৃহলৈ আহে জুবিন গাৰ্গৰ পৰিচালনা আৰু অভিনয়েৰে কাঞ্চনজংঘা । ছবিখনে অসমীয়া ছবিৰ ক্ষেত্ৰত প্ৰায় এক বিপ্লৱ সূচনা কৰে। মুক্তিৰ দিনাৰ পৰাই অসমৰ প্ৰত্যেকটো ছবিগৃহতৈ সগৌৰৱেৰে চলে ছবিখন। ছবিখনে অসমৰ বাহিৰতো লাভ কৰে আশাপ্ৰদ সঁহাৰি। জুবিন গাৰ্গৰ কাঞ্চনজংঘাই ভংগ কৰে অসমীয়া ছবিৰ সকলো অভিলেখ।


কাঞ্চনজংঘাৰ পিছত ছবিগৃহলৈ আহে ৰীমা দাস পৰিচালিত বুল বুল কেন চিং ছবিখন। ছবিখনেও দৰ্শকৰ পৰা লাভ কৰে আশাপ্ৰদ সঁহাৰি।

১১ অক্টোবৰত ছবিগৃহলৈ আহে যতীন বৰাৰ ৰত্নাকৰ। ছবিখনে অসমীয়া ছবিৰ ধাৰাই সলনি কৰি দিয়ে !প্ৰায় এমাহ ধৰি চলা ছবিখনে অসম তথা দেশৰ বিভিন্ন প্ৰান্তত দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি। ৰত্নাকৰে ভংগ কৰে কাঞ্চনজংঘাৰ সকলো অভিলেখ। অসমীয়া বাণিজ্যিক ছবিৰ ক্ষেত্ৰত থকা  সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰে যতীন বৰাৰ ৰত্নাকৰে।


ইয়াৰ পিছত ছবিগৃহলৈ আহে ৰদ হৈ তুমি আহা না, অস্তিত্ব আৰু ইপাৰ সিপাৰ। ছবি কেইখনে দৰ্শকৰ পৰা লাভ নকৰিলে বিশেষ সঁহাৰি।

২২ নৱেম্বৰত মুক্তিলাভ কৰা আমিষ ছবিখনে দৰ্শকৰ পৰা লাভ কৰে আশাপ্ৰদ সঁহাৰি। ছবিখনো প্ৰায় তিনি সপ্তাহ ধৰি সগৌৰৱেৰে চলে ছবিগৃহত।


শেহতীয়াকৈ ৬ ডিচেম্বৰত ছবিগৃহলৈ আহে বছৰটোৰ শেষৰখন ছবি ‘প্ৰতিঘাত’। ছবিখনেও বক্স অফিচত লাভ কৰে আশাপ্ৰদ সঁহাৰি। কিন্তু ৰাজ্যত চলি থকে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰভাৱ পৰে ছবিখনত।


২০২০ চনত আহিবলগীয়া বহু  কেইখন ছবিয়ে  ইতিমধ্যে লাভ কৰিছে বিশেষ চৰ্চা। তাৰে ভিতৰত অন্যতম ৰবি শৰ্মাৰ নিৰ্মীয়মান অৱস্থাত থকা ছবি ৰঘূপতি। আৰু জনপ্ৰিয় অসমীয়া ছবি বাৰুদৰ চিকুৱেল, মানস বৰাৰ পৰিচালনাৰে বাৰুদ–২।
আৰু চাওক
পৰৱৰ্তী বাতৰি