
ৰাজবাৰী গাঁও পঞ্চায়তৰ খেল পথাৰতো দুই শতাধিক মহিলাই মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
ৰাজবাৰী গাঁও পঞ্চায়তৰ খেল পথাৰতো দুই শতাধিক মহিলাই মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
বিধানসভা নিৰ্বাচনৰ পূবে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়া মতে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ এতিয়ালৈ ৰেহাই নোহোৱাত ঋণ লোৱা মহিলাসকল বিপাঙত পৰিছে। ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্ত বিগত কেইবাদিনত মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
আজি হোজাইত ৰাজবাৰী গাঁও পঞ্চায়তৰ খেল পথাৰতো দুই শতাধিক মহিলাই মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদী মহিলাসকলে অসম চৰকাৰক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়াৰ বাবে জনায় আহ্বান।ইপিনে মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ কৰ্মচাৰীয়ে নিতৌ ঘৰে ঘৰে গৈ টকা সংগ্ৰহৰ নামত হাৰাশাস্তি কৰি থকাৰো কৰে গুৰুতৰ অভিযোগ কৰে মহিলাসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|