আকৌ বান, বানপানীৰ কবলত সমগ্ৰ ৰাজ্য!

উজনি নামনিত অব্যাহত আছে বানৰ সংহাৰ!

News18-Assam
Updated:July 13, 2019, 10:10 AM IST
আকৌ বান, বানপানীৰ কবলত সমগ্ৰ ৰাজ্য!
উজনি নামনিত অব্যাহত আছে বানৰ সংহাৰ!
News18-Assam
Updated: July 13, 2019, 10:10 AM IST
ৰাজ্যত এতিয়া বানপানীৰ তীব্ৰ ৰূপ। চৌদিশে পানী আৰু পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চল এতিয়া বানপানীৰ কবলত। কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ–নদী সমূহৰ জলপৃষ্ঠ। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। উজনি নামনিত অব্যাহত আছে বানৰ সংহাৰ। ন ন স্থানলৈ সম্প্ৰসাৰিত হৈছে বান। বিপদসীমাৰ ওপৰেৰে বৈছে নৈ উপনৈসমূহ। বানত উটি গৈছে ধন সম্পত্তি।

কাজিৰঙাত বান পৰিস্থিতিৰ অৱনতি ৷ বানৰ কবলত উদ্যানখনৰ ৮০টা বন শিৱিৰ৷ কাৰ্বি পাহাৰত আশ্ৰয় লৈছে অসহায় বন্যপ্ৰাণীসমূহে। অৱশ্যে এইপৰ্যন্ত বানত কোনো ক্ষতিসাধন হোৱা নাই বন্যপ্ৰাণীৰ। ইফালে কাজিৰঙাত বানৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে CWRC-এ। হেল্পলাইন নম্বৰটো 6001852950। বানত আবদ্ধ লোক, বন্যপ্ৰাণীক দেখিলেই ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে হেল্পলাইন নম্বৰটোত।

সেইদৰে মৰিগাঁও জিলাৰ লাহৰীঘাটত বানৰ ভয়ংকৰ পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিমিষতে উটুৱাই নিলে এখন বিদ্যালয় আৰু দলং সংযোগী পথ।  উটি গ'ল ঐতিহমণ্ডিত বিদ্যালয়খন। বিদ্যালয়খনৰ প্ৰয়োজনীয় নথি পত্ৰ বচোৱাৰ আপ্ৰাণ চেষ্টা চলালে অসহায় ৰাইজে।

মাজুলীত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। বিগত ৫দিনে মাজুলীত বন্ধ হৈ আছে ফেৰীসেৱা। মাজুলীৰ ন ন অঞ্চল প্লাবিত হৈছে লুইত আৰু সোৱণশিৰি নদীৰ বানত। বানৰ কবলত প্ৰায় ৭০খন গাঁও। মথাউৰি আৰু আশ্ৰয় শিবিৰত বসবাস কৰিছে বন্যাৰ্তই। দুখন বাছৰ চলাচলৰ ব্যৱস্থা মাজুলী প্ৰশাসনৰ।

চৰম দুৰ্দশাৰ মাজত ৰাজ্যৰ বন্যাৰ্ত লোক। মথাউৰিতে আশ্ৰয় লৈছে অসহায় বন্যাৰ্তৰ। বহু স্থানত পশুধনৰ সৈত একেলগে বসবাস কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে বন্যাৰ্তৰ। বানৰ সমানে সমানে অব্যাহত আছে খহনীয়াৰ সংহাৰ। বিগত কেইবাদিনো ধৰি হোৱা মষুলধাৰ বৰষুণ, ভূটান, মেঘালয়ৰ পৰা নামি অহা ধল আৰু কেইবাটাও জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত।
আৰু চাওক পৰৱৰ্তী বাতৰি