১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)। উদ্যান মুকলিৰ পিছত কাজিৰঙালৈ সোত বৈছে পৰ্যটক (Tourists)ৰ। বিগত দুটা মাহত কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ৫০,৫৮০ গৰাকী। অক্টোবৰ মাহত ১৮,১৩৪ গৰাকী পৰ্যটকে কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে নৱেম্বৰ মাহত ৩২,৪৪৬ গৰাকী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
ইফালে ২০২১-২২ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে ১ কোটি ৬২ লাখ ৩২ হাজাৰ ৩৮০ টকা ৰাজহ। অক্টোবৰ মাহত সংগ্ৰহ হৈছিল ৩৬,৫৭,১০০ আৰু নৱেম্বৰ মাহত ৮৪, ০৫,৫২৬ টকা ৰাজহ।
বিগত দুটা মাহত ৫০ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা দৰ্শন কৰিলে যি নিশ্চয়কৈ এক আশাৰ বতৰা বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই। প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী (Jeep Safari) মুকলি হোৱাৰ পাছত যোৱা ১ নবেম্বৰৰ পৰা কাজিৰঙাত মুকলি মুকলি হৈছিল হাতী চাফাৰী (Elephant Safari)।
ইপিনে ট্ৰেকিঙৰ ব্যৱস্থা থকা চিৰাং পাহাৰ, ভোমোৰাগুৰি নদী পৰ্যটন, বুঢ়াচাপৰি আদি যোৱা নৱেম্বৰ মাহত পৰ্যটকৰ বাবে মুকলি কৰা হয়। ইফালে ভোমোৰাগুৰি নদী পৰ্যটন আৰু বিশ্বনাথৰ পানপুৰ বনাঞ্চলে পৰ্যটকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ কথা প্ৰকাশ কৰে কাজিৰঙা কৰ্তৃপক্ষই । কভিড (Covid19)ৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত পৰ্যটকৰ এনে সহাৰিয়ে পৰ্যটন উদ্যোগক টনকীয়াল কৰিব বুলি আশাবাদী সকলো।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|