মুখ্যপৃষ্ঠা »খবৰ »অসম »Rhino Horn Burn : ধৰ্মীয় ৰীতি-নীতিৰে হ'ব গঁড়ৰ খড়্গ দাহন, সাজু ১৯ গৰাকী পুৰোহিত, মুখ্যমন্ত্ৰীয়ে কৰিব মুখাগ্নি, খড়্গৰ ছাই বিসৰ্জন দিব ব্ৰহ্মপুত্ৰত

Rhino Horn Burn : ধৰ্মীয় ৰীতি-নীতিৰে হ'ব গঁড়ৰ খড়্গ দাহন, সাজু ১৯ গৰাকী পুৰোহিত, মুখ্যমন্ত্ৰীয়ে কৰিব মুখাগ্নি, খড়্গৰ ছাই বিসৰ্জন দিব ব্ৰহ্মপুত্ৰত

গঁড়ৰ খড়্গ দাহনৰ বাবে চিতা সাজু, বোকাখাতত

গঁড়ৰ খড়্গ দাহনৰ বাবে চিতা সাজু, বোকাখাতত

Rhino Horn Burn : বোকাখাতত চৰকাৰে দাহ কৰিব ২৪৭৯টা খড়্গ (Rhino Horn) ৷ বিশ্ব গঁড় দিৱস (World Rhino Day) উপলক্ষে নাম- প্ৰসংগৰ আয়োজন ৷ মৃত গঁড়ৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধৰ আয়োজন। খড়্গৰ ছাই বিসৰ্জন দিব ব্ৰহ্মপুত্ৰত।

  • Share this:
২২ ছেপ্টেম্বৰত বোকাখাতত চৰকাৰে দাহ কৰিব ২৪৭৯টা খড়্গ ৷ পিছে সাধাৰণভাৱে নহয়, সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই খড়্গসমূহ (Rhino Horn) দাহ কৰা হ'ব। নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে হ'ব খড়্গ দাহ। খড়্গসমুহ দাহ কৰি শেষ কৰিবৰ বাবে প্ৰায় ৮-১০ ঘণ্টা সময়ৰ দৰকাৰ হ'ব ৷ বোকাখাত ৰাজহুৱা খেলপথাৰ (Bokakhat Playground)ত খড়্গসমুহত মুখাগ্নি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷

বুধবাৰে পুৱা ৭-৩০ বজাত বোকাখাত কোষাগাৰৰ পৰা সম্পূৰ্ণ নিৰাপত্তাৰ মাজত খড়্গসমুহ বোকাখাত ৰাজহুৱা খেলপথাৰলৈ অনা হ'ব ৷ তাৰ পাছতেই বিশ্ব গঁড় দিৱস (World Rhino Day) উপলক্ষে নাম- প্ৰসংগ অনুস্থিত হ'ব ৷ সমান্তৰাল ভাৱে মৃত গঁড় সমুহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত হ'ব ৷ আদ্য শ্ৰাদ্ধৰ বাবে তিনিচুকীয়াৰ পৰা অহা ১৯ জন পুৰোহিতে বোকাখাতত বাহৰ পাতিছে ৷ গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰ (Brahmaputra)ত চিতাভষ্মৰূপে বিসৰ্জন দিব ৷

ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই বোকাখাতৰ ৰাজহুৱা খেল পথাৰত জ্বলাই দিয়া হ'ব ২৪৭৯টা খড়্গ ৷ যাৰবাবেই ৰাজ্যৰ বন বিভাগৰ লগতে কোষাগাৰ বিভাগৰ তৎপৰতা বৃদ্ধি পাইছে ৷

৯৪টা খড়্গ সংৰক্ষণ কৰা হ'ব ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ ২৬২৩টা খড়্গ পৰীক্ষা সম্পন্ন হৈছিল ৷ তাৰ মাজত ৫০টা খড়্গৰ কেছ চলি থকাৰ বাবে দাহ নকৰে বন বিভাগে ৷ স্থানীয় বিধায়ক তথা জেষ্ঠ মন্ত্ৰী অতুল বৰা (Minister Atul Bora)ই দাহনস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লৈছে ৷ বনবিভাগে পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক খড়্গ জ্বলোৱা কাৰ্যসূচী সফল হ'ব বুলি আশা প্ৰকাশ কৰে ৷

বিশ্ব ৰাইনো দিৱসৰ দিনাই দাহ কৰাৰ বাবে গোলাঘাট, কাৰ্বিআংলং, নগাঁও, BTR, কামৰূপ, মৰিগাঁও, নগাঁও, বিশ্বনাথ জিলাৰ পৰা ট্ৰাকে ট্ৰাকে বোকাখাত কোষাগাৰলৈ আনিছে খড়্গসমুহ ৷ প্ৰথমে গোলাঘাটৰ কোষাগাৰ, বোকাখাত কোষাগাৰ আৰু কহঁৰা বনাঞ্চলত থকা খড়্গসমুহ জ্বলাই দিয়া হ'ব ৷ মুঠ ৬টা স্থানত খড়্গসমূহ দাহন কৰা হ'ব। ইয়াৰে ৪টাত কেৱল গোলাঘাট আৰু বোকাখাট কোষাগাৰৰ খড়্গসমূহ দাহ কৰা হ'ব। আন ২টা স্থানত অন্য জিলাৰ কোষাগাৰৰ খড়্গসমূহ জ্বলাব ৷

দাহন কাৰ্যসূচীত বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাস, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল,পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পাৰ্বত্য উন্নয়ন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজহ মন্ত্ৰী যোগেন মহন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকিব ৷

শেহতীয়া বাতৰি