বিজেপিৰ ৩৯খন সাংগঠনিক জিলাৰ সভাপতিৰ নাম ঘোষণা নকৰিলেও ১২খন জিলাৰ সভাপতিৰ নাম ঘোষণা কৰিছে ভৱেশ কলিতাই ৷ যাৰ ভিতৰত বৰপেটা জিলাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে অনিল চন্দ্ৰ দাসে ৷ বিজেপিৰ ৩৯খন সাংগঠনিক জিলাৰ সভাপতিৰ নাম ঘোষণা নকৰিলেও ১২খন জিলাৰ সভাপতিৰ নাম ঘোষণা কৰিছে ভৱেশ কলিতাই ৷ যাৰ ভিতৰত বৰপেটা জিলাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে অনিল চন্দ্ৰ দাসে ৷ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাই অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা দেখা গৈছে ইটোৰ পিছত সিটো পদক্ষেপ ৷ বিজেপিৰ আঠটা মৰ্চা সম্পূৰ্ণকৈ গঠন কৰাৰ পিছত জিলাসমূহৰ সভাপতি হিচাপে কাক নিযুক্তি দিয়া হ'ব তাক লৈ বৃদ্ধি পাইছিল উৎকণ্ঠা ৷
বিজেপিৰ ৩৯খন সাংগঠনিক জিলাৰ সভাপতিৰ নাম ঘোষণা নকৰিলেও ১২খন জিলাৰ সভাপতিৰ নাম ঘোষণা কৰিছে ভৱেশ কলিতাই ৷ যাৰ ভিতৰত বৰপেটা জিলাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে অনিল চন্দ্ৰ দাসে ৷ ইয়াৰ পূৰ্বে জিলাখনৰ সভাপতি আছিল প্ৰয়াত শংকৰ দাস ৷ সৰভোগ সমষ্টিৰ পৰা শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰয়াত শংকৰ দাসৰ পিছত জিলাখনৰ সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ দায়িত্ব লাভ কৰিছে অনিল চন্দ্ৰ দাসে ৷ বাক্সা জিলাৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে শৰৎ শৰ্মাই, বিশ্বনাথ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে পঙ্কজ বৰাই, কাছাৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে বিমলেন্দু ৰায়ে, চিৰাং জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে ৰিণ্টু কুমাৰ দাসে, কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে ৰাজকুমাৰ ব্ৰহ্মই, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে ময়ুৰ বৰগোঁহাইয়ে ৷ ময়ুৰ বৰগোঁহাইয়ে বিধানসভা নিৰ্বাচনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা ৷ যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ময়ুৰ বৰগোঁহাইক শিৱসাগৰ জিলা বিজেপিৰ সভাপতি নিযুক্তি দিয়াৰ বিপৰীতে শোণিতপুৰ বিজেপিৰ পুৰণি যুৱ কেদাৰ বাতাছ ওৰাঙক শোণিতপুৰ জিলা বিজেপিৰ সভাপতি নিযুক্তি দিছে দলটোৱে ৷ দক্ষিণ শালমৰা-মানকাচৰত অধীৰ চন্দ্ৰ দাস, তামুলপুৰত ভিক্টৰ দাস, তিনিচুকীয়াত কুশকান্ত বড়া আৰু ওদালগুৰিত সুনীল বসুমতাৰীক জিলা বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিছে দলটোৱে ৷ দলটোৱে শীঘ্ৰেই বাকী থকা জিলা কেইখনৰো সভাপতি নিযুক্তি দিব ৷ ২২ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহকত অংশ ল'ব পৰাকৈ দলটোৱে সম্পূৰ্ণ কৰিব দলীয় নিযুক্তিৰ প্ৰক্ৰিয়া ৷
Published by: Kokil Sarma
First published: September 13, 2021, 23:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|