• Home
  • »
  • News
  • »
  • assam
  • »
  • MAJULI : মাজুলীৰ কৃষিখণ্ডৰ উত্তৰণৰ বাবে মাজুলী জিলা প্ৰশাসনৰ বিশেষ উদ্যোগ "আমাৰ মাজুলী"

MAJULI : মাজুলীৰ কৃষিখণ্ডৰ উত্তৰণৰ বাবে মাজুলী জিলা প্ৰশাসনৰ বিশেষ উদ্যোগ "আমাৰ মাজুলী"

উপায়ুক্তগৰাকীয়ে জনোৱা মতে, যোৱা ছিজনত ভাৰতীয় খাদ্য নিগমে মাজুলীত মুঠ ১,৪৫,৫০,০০০ টকাৰ ধান ক্ৰয় কৰিছিল।

উপায়ুক্তগৰাকীয়ে জনোৱা মতে, যোৱা ছিজনত ভাৰতীয় খাদ্য নিগমে মাজুলীত মুঠ ১,৪৫,৫০,০০০ টকাৰ ধান ক্ৰয় কৰিছিল।

উপায়ুক্তগৰাকীয়ে জনোৱা মতে, যোৱা ছিজনত ভাৰতীয় খাদ্য নিগমে মাজুলীত মুঠ ১,৪৫,৫০,০০০ টকাৰ ধান ক্ৰয় কৰিছিল।

  • Share this:
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত “আমাৰ মাজুলী” ৰ অধীনত কৃষক সভা শ্ৰীশ্ৰী মাধৱদেৱ কৃষ্টি কেন্দ্ৰ, খোনাচুকত অনুষ্ঠিত হয় ৷ এই সভাত প্ৰতিখন পঞ্জীয়নভুক্ত পথাৰ পৰিচালনা সমিতি, কৃষি ভিত্তিক আত্ম সহায়ক গোট, কৃষি সেৱা গোটৰ পৰা প্ৰগতিশীল কৃষক, গাঁও প্ৰধানসকলে অংশগ্ৰহণ কৰে ৷

নিৰ্বাচনী বিষয়া কেশৱানন্দ টাইদে আঁত ধৰা সভাত উপায়ুক্ত পুলক মহন্ত, অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ  শশীধৰ ফুকন, জিলা পশুপালন বিষয়া ৰঞ্জি গগৈ, মীন বিষয়া বিমল শৰ্মা, জিলা অগ্ৰণী বেংক বিষয়া সঞ্জীৱ বৰা, সহকাৰী আয়ুক্ত দেৱনাৰায়ণ হাজৰিকা, ৰাজহ বিষয়াদ্বয় জয়দীপ ৰজক, উজনি মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰুহিতেশ্বৰ শইকীয়া, জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সীমান্ত বৰা প্ৰমুখ্যে মাজুলীৰ বিভিন্ন স্থানৰ কৃষকসকল উপস্থিত থাকে ৷

সভাত জিলাখনৰ কৃষি ক্ষেত্ৰ অধিক শক্তিশালী ৰূপত আগুৱাই নিয়া আৰু কৃষি উৎপাদন বৃদ্ধি কৰা আদি দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাত মহকুমা কৃষি বিষয়া ইৰচাদ আলীয়ে আদৰণী ভাষণ আগবঢ়ায় ৷

সভাত জিলাখনৰ মীন পালনৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা মীন বিষয়া বিমল শৰ্মাই মৎস্য পালকসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লৈ মৎস্য পালনেৰে স্বাৱলম্বী হ’বলৈ আহ্বান জনোৱাৰ লগতে জিলা মীন বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ কয় ৷

জিলা পশুপালন বিষয়া ৰঞ্জি গগৈয়ে পশুপালনৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হ’ব পাৰি সেই বিষয়ে উল্লেখ কৰি পশুপালনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ কৰাৰ বাবে পশুপালন বিভাগৰ সময়ে সময়ে টিকাকৰণ আদি দিশ সম্পৰ্কে কয় ৷

সভাত জিলাখনৰ অগ্ৰণী বেংক বিষয়া সঞ্জীৱ বৰাই কে চি চি ঋণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি সম্পৰ্কে কৃষকক বুজাই কয় ৷ সভাত জিলা উপায়ুক্ত পুলক মহন্তই কৃষি খণ্ডৰ লগতে মৎস্য পালন আৰু পশুপালনৰ প্ৰতি মাজুলীবাসীৰ আগ্ৰহ বৃদ্ধি পোৱাত ধনাত্মক চিন্তাৰে সকলোকে আগবাঢ়ি যোৱাৰ অনুৰোধ জনায়৷

ধানৰ অধিক উৎপাদন গুৰুত্ব দিবলৈ উপস্থিত সকলোকে আহ্বান জনোৱাৰ লগতে প্ৰগতিশীল কৃষক, মৎস্য পালক, পশুপালক, বয়ন শিল্পৰ লগত জড়িত সকলোকে অধিক উৎপাদনত ব্ৰতী হ’বলৈ কয় জিলা উপায়ুক্ত পুলক মহন্তই ৷

যিকোনো চৰকাৰী সা-সুবিধাখিনি পাবলৈ বিভাগীয় কাৰ্যালয়লৈ যোৱাৰো আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷ "আমাৰ মাজুলী"ৰ অধীনত মাজুলীৰ কৃষকসকলৰ বাবে এইখন হ'ল নৱম অধিৱেশন। উল্লেখযোগ্য যে "আমাৰ মাজুলী" হৈছে কৃষি আৰু অন্যান্য সংশ্লিষ্ট খণ্ডৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰিবলৈ জিলা প্ৰশাসন মাজুলীৰ  উদ্যোগত গ্ৰহণ কৰা এক ফ্লেগশ্বিপ কাৰ্যসূচী। 

মাজুলীৰ জিলা উপায়ুক্তগৰাকীয়ে প্ৰথম শস্য কে এম এছ ২০২১-২২ত ধান ক্ৰয়ত অংশগ্ৰহণ কৰি সফল কৰি তোলাৰ বাবে একাধিক কৃষক, মিল, উদ্যোগী আৰু অন্যান্য বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰি এই কাৰ্যসূচীৰ সূচনা কৰে। এই উপলক্ষে সমাৱেশক সম্বোধন কৰি উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, যোৱা ছিজনত ভাৰতীয় খাদ্য নিগমে মাজুলীত মুঠ ১,৪৫,৫০,০০০ টকাৰ ধান ক্ৰয় কৰিছিল। ধান বিক্ৰী কৰাৰ ২-৩ দিনৰ ভিতৰত এই ধনৰাশি পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা কৰা হৈছিল, যাৰ ফলত কৃষকসকল বহু পৰিমাণে উপকৃত হৈছিল। 

সেয়ে ভাৰতীয় খাদ্য নিগমে  মাজুলীৰ ফুলনিত স্থাপন কৰা প্ৰতিষ্ঠানিক ধান ক্ৰয় কেন্দ্ৰতহে কৃষকসকলক ধান বিক্ৰী কৰিবলৈ আহ্বান জনায় আৰু উৎসাহিত কৰে। উপায়ুক্ত পুলক মহন্তই লগতে ২য় শস্য KMS-2021-22 ত অংশগ্ৰহণ কৰিবলৈ সন্মত হোৱাৰ বাবে যুৱ মিল উদ্যোগীসকলক প্ৰশংসা কৰে, যুৱ উদ্যোগী সকলে CMSGUY ৰ অধীনত গুদামঘৰ  স্থাপন কৰাৰ বাবে প্ৰশংসা কৰাৰ লগতে  জনায় যে এদল কৃষকে  তিনিটা ভিন্ন ফাৰ্মাৰ্ছ প্ৰডাক্টাৰ্ছ কোম্পানী (FPC) স্থাপন কৰি পিঁয়াজ, কিং চিলি আৰু ৰেড ৰাইচৰ খেতি আৰু উৎপাদন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, পি এম কিষাণ আদি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিটো ঘৰতে ভাৰমিকম্পোষ্ট ইউনিট স্থাপন কৰিবলৈ উৎসাহিত কৰে জিলা উপায়ুক্তগৰাকীয়ে।

উপায়ুক্ত পুলক মহন্তই বাজৰা, ঘেঁহু খেতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে  গোটেই বছৰটো বহুমুখী কৃষি প্ৰকল্প আদিত নিয়োজিত হ’বলৈ সকলোকে উৎসাহিত কৰে, যাতে মাজুলীৰ পৰা কৃষিজাত সামগ্ৰী দেশৰ অন্যান্য অঞ্চললৈ ৰপ্তানি কৰিব পৰা যায়। শেষত সকলোৰে পৰা সহায়-সহযোগ আশা  কৰি  "আমাৰ মাজুলী- আমাৰ গাঁও" ৰ অধীনত  সকলোকে এটা দল হিচাপে কাম কৰিবলৈ আহ্বান জনায়, য'ত জিলাখনৰ চক্ৰ বিষয়াসকলে সভাপতি হিচাপে থাকি প্ৰতি দুসপ্তাহৰ অন্তত গাঁৱে-ভূঞে শিবিৰ আয়োজন কৰি  কৃষকসকলৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিব  আৰু বিভিন্ন চৰকাৰী আঁচনিৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ কথাও ঘোষণা কৰে। শেষত মাজুলীৰ কৃষকসকলে যাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা কৃষিসমূহ সুৰক্ষিত কৰে তাৰ বাবেও আহ্বান জনায়। 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি