‘আমি সফল, ১০০ৰ ভিতৰত ৯০ পাইছো’- সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত দাবী শাসকীয় দলৰ

সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি , শাসকীয় দলৰ মতে সফলতাৰ চাৰি বছৰ
সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি , শাসকীয় দলৰ মতে সফলতাৰ চাৰি বছৰ
- News18 Assam
- Last Updated: May 24, 2020, 10:45 PM IST
"এই চৰকাৰখনৰ অংশীদাৰ হ'ব পৰা টোৱেই গৌৰৱৰ কথা ৷ দুৰ্নীতিৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক সোণোৱাল চৰকাৰৰ অন্যতম সফলতা ৷ APSCত এতিয়া সকলোৱে মুক্তভাৱে পৰীক্ষা দিব পৰা হৈছে ৷ ৰাস্তা ঘাট এতিয়া বহুত উন্নত ৷ এইখন চৰকাৰ ৰাইজৰ কাষত প্ৰতিটো সময়ত ৷ অসম চুক্তিৰ আত্মাস্বৰূপ ছয় নং দফা কাৰ্যকৰী হোৱাৰ দিশত— ৰঞ্জিত দাস ৷"
বিজেপিৰ দৃষ্টিত কোন কেইটা কাৰণত চৰকাৰ সফল ,সেই কথা ক'লে সাংসদ দিলীপ শইকীয়াই ৷ লগতে ক'লে আহি থকা সময়ত হ'ব ছয় জনগোষ্ঠিৰ জনজাতিকৰণ ৷ COVID19ৰ যুজঁক লৈ চৰকাৰক প্ৰশংসা দিলীপ শইকীয়াৰ ৷ চতুৰ্থ বৰ্ষপূৰ্তিত ইতিমধ্যে ফেচবুক, টুইটাৰযোগে অসমৰ ৰাইজক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷