'বাঢ়িছে কিডনী ৰোগী, অসমীয়াৰ ওপৰত চলিছে জৈৱিক আক্ৰমণ'- কোনে চলাইছে এই আক্ৰমণ? ক'লে মন্ত্ৰী হিমন্তই

News18 Assam | News18-Assam
Updated:January 27, 2021, 10:42 PM IST
'বাঢ়িছে কিডনী ৰোগী, অসমীয়াৰ ওপৰত চলিছে জৈৱিক আক্ৰমণ'- কোনে চলাইছে এই আক্ৰমণ? ক'লে মন্ত্ৰী হিমন্তই
শিৱসাগৰত  স্বয়ম আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি দলগাওঁ, খাৰু পেটীয়া আদি অঞ্চলত উৎপাদিত খাদ্যৰ সন্দৰ্ভত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিৱসাগৰত  স্বয়ম আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি দলগাওঁ, খাৰু পেটীয়া আদি অঞ্চলত উৎপাদিত খাদ্যৰ সন্দৰ্ভত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
অসমীয়া মানুহৰ ওপৰত এতিয়া জৈৱিক আক্ৰমণ চলিছে। ফলত বাঢ়িছে কিডনীৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত এক অনুষ্ঠানত ভাগ লৈ কয় যে, 'অসমীয়া মানুহৰ ওপৰত জৈৱিক আক্ৰমণ চলিছে। ৰাসায়নিক খাদ্য আক্ৰমণ চলিছে। ৰাসায়নিক সাৰ ব্যৱহাৰে বিশাল ভাবুকি আনিছে অসমীয়া জাতিলৈ। ৰাতিৰ ভিতৰতে ইঞ্জেকচন দি ডাঙৰ কৰা হয় বেঙেনা। ইঞ্জেকচন দি ডাঙৰ কৰা হয় ৰঙা লাও, পানী লাও। মাগুৰ মাছ ডাঙৰ কৰিবলৈ দিয়া হয় অদ্ভুত খাদ্য। ফলত অসমত বাঢ়িছে কিডনী ৰোগী। বাঢ়িছে হাৰ্ট আৰু লিভাৰৰ ৰোগী।

উল্লেখ্য যে, শিৱসাগৰত  স্বয়ম আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি দলগাওঁ, খাৰু পেটীয়া আদি অঞ্চলত উৎপাদিত খাদ্যৰ সন্দৰ্ভত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: January 27, 2021, 10:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি