মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুখ্যমন্ত্ৰীৰ ফটো লগালে ল'ব লাগিব অনুমতি, নিৰ্দেশনা জাৰি

মুখ্যমন্ত্ৰীৰ ফটো লগালে ল'ব লাগিব অনুমতি, নিৰ্দেশনা জাৰি

News18 Assam | News18-Assam
Updated:August 12, 2021, 10:10 PM IST
মুখ্যমন্ত্ৰীৰ ফটো লগালে ল'ব লাগিব অনুমতি, নিৰ্দেশনা জাৰি
কিয় এই বিশেষ নিৰ্দেশনা জাৰি কৰিলে জনসংযোগ বিভাগে?

কিয় এই বিশেষ নিৰ্দেশনা জাৰি কৰিলে জনসংযোগ বিভাগে?

  • Share this:

এতিয়াৰে পৰা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো কোনো কাৰণত অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব ৷ নোৱাৰিব মানে নোৱাৰিব ৷ মুখ্যমন্ত্ৰীৰ অনুমতি অথবা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি নহ'লে কোনো চৰকাৰী বিভাগে ব্যৱহাৰ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ ফটো ৷


বৃহস্পতিবাৰে ৰাজ্যৰ তথ্য, জনসংযোগ আৰু প্ৰিন্টিং এণ্ড ষ্টেচনাৰী বিভাগৰ সচিব নীৰা গগৈ সোণোৱালে জাৰি কৰে এক নিৰ্দেশনা ৷ এই নিৰ্দেশনাত কোৱা হয় যে চৰকাৰী বিজ্ঞাপন, ষ্টেণ্ডী, বিলব'ৰ্ডছ আদিত মুখ্যমন্ত্ৰীৰ ফ'টো ব্যৱহাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি লোৱাটো এতিয়াৰে পৰা অপৰিহাৰ্য ৷ এই নিৰ্দেশনা সকলো বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত ৷


উল্লেখযোগ্য যে অলিম্পিক পদক বিজয়িনী লাভলীনা বৰগোহাঁইক আদৰণি জনোৱা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱসৰ সময়ত অনৰ্থক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো প্ৰয়োজনতকৈ বেছি ডাঙৰকৈ বিভিন্ন চৰকাৰী বিভাগ তথা প্ৰতিষ্ঠানে ব্যৱহাৰ কৰাত ছ'চিয়েল মিডিয়াত সমালোচিত হৈছিল মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ বিষয়টোক গুৰুত্বসহকাৰে লৈ পৰৱৰ্তী কালত খোদ মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁ তথা তেওঁৰ কাৰ্যালয়ৰ বিশেষ অনুমতি অবিহনে মুখ্যমন্ত্ৰীৰ ফটো ক'তো ব্যৱহাৰ নকৰিবলৈ কৈছিল ৷

Published by: Gautam Barman
First published: August 12, 2021, 10:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি