• Home
  • »
  • News
  • »
  • assam
  • »
  • অৰ্কিড সংগ্ৰহৰ ব্যতিক্ৰমী পদক্ষেপ চৰাইদেউৰ টেঙাপুখুৰীৰ অংকুৰৰাজ গগৈৰ, গঢ়িছে ১৪০০ অৰ্কিডৰ ক্ষুদ্ৰ উদ্যান

অৰ্কিড সংগ্ৰহৰ ব্যতিক্ৰমী পদক্ষেপ চৰাইদেউৰ টেঙাপুখুৰীৰ অংকুৰৰাজ গগৈৰ, গঢ়িছে ১৪০০ অৰ্কিডৰ ক্ষুদ্ৰ উদ্যান

প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান।

প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান।

প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান।

  • Share this:
চৰাইদেউৰ এগৰাকী উচ্চ শিক্ষিত উদীয়মান যুৱক। যিগৰাকী যুৱকে সম্প্ৰতি গ্ৰহণ কৰিছে অৰ্কিড সংগ্ৰহৰ দৰে এক ব্যতিক্ৰমী পদক্ষেপ । প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান।

চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ উদীয়মান যুৱক অংকুৰ ৰাজ গগৈয়ে বিশ্বৰ ২৭ খন দেশৰ পৰা অৰ্কিড সংগ্ৰহ কৰি ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য তথা থাইলেণ্ড, জাভা, অষ্ট্ৰেলিয়া, আমেৰিকা আদিকে ধৰি বিশ্বৰ ২৭ খন দেশৰ পৰা ইতিমধ্যে প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে উচ্চ শিক্ষিত যুৱক অংকুৰ ৰাজ গগৈ।



ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত নিয়োজিত হৈও গাঁঠিৰ ধন ভাঙি বিভিন্ন প্ৰান্তৰ পৰা অৰ্কিড সংগ্ৰহ কৰাৰ লগতে এটা অৰ্কিড গৱেষণাগাৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখা অংকুৰ ৰাজ গগৈ ২০১০ চনত দশম শ্ৰেণীত পঢ়ি থাকোঁতেই আৰম্ভ কৰিছিল অৰ্কিড সংগ্ৰহৰ ব্যতিক্ৰমী পদক্ষেপ।

মন কৰিবলগীয়া যে যি সময়ত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি নামি আহিছে তেনে সময়তে বিলুপ্তিৰ গৰাহত পৰা দুষ্প্ৰাপ্য অৰ্কিড সংগ্ৰহ কৰি সংৰক্ষণ কৰা কাৰ্য সঁচাকৈ প্ৰশংসনীয়। আনহাতে এই পদক্ষেপ নৱপ্ৰজন্মই গ্ৰহণ কৰিলে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হোৱা লগতে নিবনুৱা সমস্যা সমাধানৰো পথ প্ৰশস্ত হৈ পৰিব।
First published: