உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly Budget Session: বাজেট অধিৱেশনত শক্তি হ্ৰাস পাব বিৰোধীৰ, শাসকীয় মিত্ৰজোঁটৰ শাসকীয় বেন্সত বহিব BPF

    Assam Assembly Budget Session: বাজেট অধিৱেশনত শক্তি হ্ৰাস পাব বিৰোধীৰ, শাসকীয় মিত্ৰজোঁটৰ শাসকীয় বেন্সত বহিব BPF

    ২৪ মাৰ্চৰ পৰা ২০২২-২৩ বৰ্ষৰ বাজেট অধিৱেশন

    ২৪ মাৰ্চৰ পৰা ২০২২-২৩ বৰ্ষৰ বাজেট অধিৱেশন

    ২৪ মাৰ্চৰ পৰা ২০২২-২৩ বৰ্ষৰ বাজেট অধিৱেশন

    • Share this:
    অহা ২৪ মাৰ্চৰ পৰা প্ৰায় এমাহ দিন ধৰি চলিব অসম বিধানসংসদ বাজেট অধিৱেশন ৷ এই বাজেট অধিৱেশনত এইবাৰ বৃদ্ধি পোৱাৰ সলনি হ্ৰাসহে পাব বিৰোধীৰ শক্তি ৷ ইয়াৰ সলনি শক্তি বৃদ্ধি পাব শাসকীয় মিত্ৰজোঁট (ruling coalition)ৰ ৷

    ২৪ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনতে (Assam Assembly Budget Session) ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog)৷ ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট প্ৰস্তুত কৰাৰ বাবে প্ৰাৰ্থমিক কাম-কাজ ইতিমধ্যে আৰম্ভ কৰিছে বিত্ত বিভাগে ৷

    ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিভাগলৈ ইতিমধ্যে বাজেট প্ৰস্তাৱ বিচাৰি বিত্ত বিভাগে পত্ৰ প্ৰেৰণ কৰিছে ৷ ব্যয় সংকোচনৰ স্বাৰ্থত জাৰি কৰা হৈছে নিৰ্দেশনা ৷ এই নিৰ্দেশনাৰ জৰিয়তে অতিৰিক্ত ব্যয় হ্ৰাস কৰিব বিচৰা হৈছে ৷

    ইপিনে আসন্ন বাজেট অধিৱেশনত শক্তি হ্ৰাস পাব বিৰোধীৰ ৷ বিধানসভাৰ মজিয়াত বিৰোধী আসন ত্যাগ কৰি শাসকীয় পক্ষৰ বেন্সত বহিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ তিনি বিধায়কে ৷ বিৰোধীৰ আসনত থাকিব কেৱল কংগ্ৰেছ, AIUDF, CPI-MLৰ মনোৰঞ্জন তালুকদাৰ আৰু নিৰ্দলীয় বিধায়ক অখিল গগৈ ৷

    বিৰোধীৰ আসন এৰি শাসকীয় মিত্ৰজোঁটলৈ BPF গমন কৰাৰ পিছত শাসকীয় পক্ষৰ সংখ্যা ৮১লৈ বৃদ্ধি পাব ৷ ইয়াৰ বিপৰীতে বিৰোধী বিধায়কৰ সংখ্যা ৪৪লৈ হ্ৰাস পাব ।
    Published by:Gautam Barman
    First published: