মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Assembly Budget Session : বিধান সভাত কথা ক'বলৈ পোৱা নাই অখিল গগৈয়ে! মূল্যবৃদ্ধিক লৈ আলোচনা নোহোৱাত সদন ত্যাগ বিৰোধীৰ।

Assam Assembly Budget Session : বিধান সভাত কথা ক'বলৈ পোৱা নাই অখিল গগৈয়ে! মূল্যবৃদ্ধিক লৈ আলোচনা নোহোৱাত সদন ত্যাগ বিৰোধীৰ।

News18 Assam | News18-Assam
Updated:July 12, 2021, 12:28 PM IST
Assam Assembly Budget Session : বিধান সভাত কথা ক'বলৈ পোৱা নাই অখিল গগৈয়ে! মূল্যবৃদ্ধিক লৈ আলোচনা নোহোৱাত সদন ত্যাগ বিৰোধীৰ।
"মোক কথা ক'বলৈ নিদিয়ে। মই কিবা ক'লেই শাসক পক্ষই চিঞৰে। এয়া ফেচিবাদী, অগণতান্ত্ৰিক।" অখিল গগৈৰ অভিযোগ।

"মোক কথা ক'বলৈ নিদিয়ে। মই কিবা ক'লেই শাসক পক্ষই চিঞৰে। এয়া ফেচিবাদী, অগণতান্ত্ৰিক।" অখিল গগৈৰ অভিযোগ।

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অভিবেশনৰ প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাত।

মূল্যবৃদ্ধিৰ ওপৰত আলোচনা বিচাৰিছিল বিৰোধীয়ে। কিন্তু অধ্যক্ষই অনুমতি নিদিয়াত সদনৰ ভিতৰত বিৰোধী বিধায়কৰ প্ৰতিবাদ সাব্যস্ত কৰে।মূল্যবৃদ্ধিৰ ওপৰত বিৰোধীয়ে বিচাৰিছিল সভা স্থগিত প্ৰস্তাৱ। কিন্তু বিৰোধীৰ অনুৰোধক অধ্যক্ষই উপেক্ষা কৰাত বিৰোধীয়ে সদন ত্যাগ কৰে।

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও কৰিলে সদন ত্যাগ। "মূল্যবৃদ্ধিৰ ওপৰত আলোচনা নহোৱাটো দূৰ্ভাগ্যজনক" বুলি চিঞৰি সদন ত্যাগ কৰে বিধায়ক অখিল গগৈয়ে।

সদনত কথা ক'ব নিদিয়াৰ অভিযোগ অখিল গগৈৰ, "মোক কথা ক'বলৈ নিদিয়ে। মই কিবা ক'লেই শাসক পক্ষই চিঞৰে। এয়া ফেচিবাদী, অগণতান্ত্ৰিক।"
Published by: Manjumoni Borah
First published: July 12, 2021, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি