চৰকাৰী এই সিদ্ধান্তক লৈ জনগণৰ জয় বুলি দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷
চৰকাৰী এই সিদ্ধান্তক লৈ জনগণৰ জয় বুলি দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত অৱগত নাছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মাক অৱগত নকৰাকৈ গাঁও অঞ্চলত গৃহ নিৰ্মাণত কৰ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নেকি ৰঞ্জিত দাসে? যাৰ বাবে সদনৰ মজিয়াত বিৰোধীৰ প্ৰতিবাদ আৰু গাঁও অঞ্চলত জনতাৰ ক্ষোভত সেও মানি অৱশেষত সিদ্ধান্ত প্ৰকাশ কৰিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? প্ৰশ্ন বিৰোধী পক্ষৰ। যদি এয়া সত্য, তেন্তে স্বাভাৱিকতে মুখ্যমন্ত্ৰী বনাম মন্ত্ৰীৰ সংঘাত স্পষ্ট হৈছে৷
বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীক অৱগত নকৰাকৈ কেনেকৈ সম্ভৱ হ’ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ আৰোপৰ সিদ্ধান্ত? কিয়নো সংবাদমেলযোগে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে ৰাজহুৱা কৰিছিল এই কথা৷ ৰাজ্যত প্ৰথমখন চৰকাৰ যিখনে প্ৰতি সপ্তাহত অনুষ্ঠিত কৰে কেবিনেট বৈঠক৷ তাৰ পিছতো এনে গুৰুত্বপূৰ্ণ বিষয় কেবিনেটত সিদ্ধান্ত নোহোৱাটো তৎপৰ্যপূৰ্ণ৷
বিৰোধীৰ দাবী, যদি মুখ্যমন্ত্ৰীক অৱগত নকৰাকৈ এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তেন্তে বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক৷ জনতাক বিভ্ৰান্ত মন্ত্ৰীগৰাকীৰ সিদ্ধান্ত প্ৰকাশৰ মাত্ৰ তিনিটা দিনৰ পিছত বিপৰীত স্থানত হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ বিপৰীতে স্থিতিত স্বাভাৱিকতে প্ৰশ্ন উঠিছে৷ প্ৰকৃততে কি বুজাইছে এই বিপৰীত সিদ্ধান্তই?
চৰকাৰী এই সিদ্ধান্তক লৈ জনগণৰ জয় বুলি দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ একেদৰে নীতিবহিৰ্ভুত কৰ প্ৰত্যাহাৰক লৈ সুখী কংগ্ৰেছ, AIUDF৷ পিছে, এয়া যি়যেই নহওক, মন্ত্ৰী ৰঞ্জিত দাসৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যে এয়া অদূৰদৰ্শিতা সেয়া স্পষ্টভাৱে প্ৰকাশ পাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|