ৰোগী, অভিভাৱকৰ মূৰত মাধমাৰ ৷ বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ মূল্য ৷ ১ এপ্ৰিলৰ পৰা ১২ শতাংশ বৃদ্ধি পাব ঔষধৰ মূল্য ৷ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ পিছতে প্ৰতিক্ৰিয়া হৈছে সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত ৷ কিয়নো ইতিমধ্যে শেহতীয়াকৈ কেইবাবাৰো মূল্যবৃদ্ধি ঘটিছে জীৱনদায়িনী ঔষধৰ ৷
তাৰ পিছত পুনৰ ১২ শতাংশ মূল্য বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰৰ ৷ বিজেপি চৰকাৰৰ এনে সিদ্ধান্তই আতংকিত কৰি তুলিছে দীঘলীয়াকৈ চিকিৎসা কৰি থকা ৰোগী তথা অভিভাৱকক ৷
এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধীৰ ৷ বিজেপি চৰকাৰৰ কাৰ্যকালত প্ৰতিবিধ সামগ্ৰীত মূল্যবৃদ্ধি ৷ মূল্য নিযন্ত্ৰণৰ বাবে শাসনত অহা চৰকাৰৰ কাৰ্যকালত মূল্যবৃদ্ধিহে এক এজেণ্ডা হৈ পৰিছে ৷
চৰকাৰৰ এনে মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ চৰকাৰী হাস্পতালত সামান্যতম ঔষধ যোগানত ব্যৰ্থ হোৱা চৰকাৰে মাথোঁ জনতাক টেঁটু চেপি ধৰিছে ৷ বিজেপি চৰকাৰৰ এনে নীতিৰ পৰা জনতা পৰিত্ৰাণ পোৱাৰ সময় অহা বুলি দাবী কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ ৷
পিছে, স্বাস্থ্য বিভাগত অহা এই বৃহৎ আপডেটৰ পিছতো কিন্তু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত অৱগত নহয় জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিক লৈ।
Published by: Gautam Barman
FIRST PUBLISHED : March 29, 2023, 16:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।