কোভিড ভেকচিন প্ৰদানক লৈ উত্তপ্ত হৈ পৰে অসম বিধানসভা৷ বিৰোধীৰ প্ৰশ্নত অসহায়বোধ কৰা দেখা গ'ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক৷ কোভিড ভেকচিনৰ যোগান নিৰ্ভৰ কৰে কেন্দ্ৰৰ ওপৰত ৷ কেশৱ মহন্তৰ মতে, কেন্দ্ৰই ভেকচিন যোগান ধৰিলে অসমত প্ৰদান কৰিব পাৰি ভেকচিন ৷ সেয়ে ভেকচিন প্ৰদান কেতিয়া শেষ হ'ব আমি ক'ব নোৱাৰো৷ কিন্তু এটা কথা আমি চেষ্টা অব্যাহত ৰাখিছো ৷
উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পূৰ্বে ১৫ আগষ্ট ভেকচিন প্ৰদানৰ সম্পূৰ্ণ সময়সীমা নিৰ্ধাৰণ কৰিছিল ৷ সেয়ে চৰকাৰী পক্ষৰ সময়সীমাক সোঁৱৰাই দি বিৰোধী বিধায়ক ৰকিবুল হুছেইনে এইবাৰ কৰে প্ৰশ্ন ৷
তেওঁ কয়– যদি ১৫ আগষ্টত নহয়, তেন্তে কেতিয়া শেষ হ'ব ভেকচিন প্ৰদান ৷ ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবে সম্পন্ন হোৱা নাই কোভিড ভেকচিন প্ৰদান ৷ –চৰকাৰক সমালোচনা কৰি AIUDF বিধায়ক আশ্ৰাফুল হুছেইনৰ কটাক্ষ ৷
বিৰোধীৰ এনে প্ৰশ্নবাণৰ বিপৰীতে স্বাস্থ্যমন্ত্ৰীৰ স্পষ্ট মত– সময়ত ভেকচিন ল'ব অহা নাছিল মানুহ ৷ ৰাজনৈতিকভাৱে সমষ্টিভিত্তিক সমস্যা থকা বুলি ওলোটা মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷ সময়তকৈ কোভিড কেন্দ্ৰত আগতীয়াকৈ ভেকচিন ল'বলৈ গৈ মানুহে ভিৰ কৰা বুলিও কয় স্বাস্থ্যমন্ত্ৰীয়ে ৷ কিন্তু প্ৰশ্ন–উত্তৰ মাজত কেতিয়া ভেকচিন প্ৰদান সম্পূৰ্ণ কৰিব পাৰিব তাৰ নাহিল কোনো স্পষ্ট ইংগিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|