• Home
  • »
  • News
  • »
  • assam
  • »
  • বিভাজনৰ ৰাজনীতিৰে দেশৰ উন্নয়ন স্থবিৰ কৰিছে বিজেপিয়েঃ দেৱব্ৰত শইকীয়া

বিভাজনৰ ৰাজনীতিৰে দেশৰ উন্নয়ন স্থবিৰ কৰিছে বিজেপিয়েঃ দেৱব্ৰত শইকীয়া

অৰ্জুন মুন্ডাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ঘোষণা কৰিবলৈ অহা বুলি ভাবিছিলোঁঃ অপূৰ্ব ভট্টাচাৰ্য

অৰ্জুন মুন্ডাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ঘোষণা কৰিবলৈ অহা বুলি ভাবিছিলোঁঃ অপূৰ্ব ভট্টাচাৰ্য

অৰ্জুন মুন্ডাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ঘোষণা কৰিবলৈ অহা বুলি ভাবিছিলোঁঃ অপূৰ্ব ভট্টাচাৰ্য

  • Share this:

'শাসকীয় বিজেপি দলে দেশৰ উন্নয়নৰ বাবে ৰাজনীতি নকৰে। জাতি আৰু ভাষাৰ নামত বিজেপিয়ে কুটিল বিভাজনৰ ৰাজনীতি কৰে।' -এনেদৰেই বিজেপিক চোকা ভাষাৰে সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ব্যৰ্থ মুখ্যমন্ত্ৰীসকল ক্ষমতাচ্যুত হোৱাটোৱে তাকেই বুজাই বুলি কোৱা দেৱব্ৰত শইকীয়াৰ স্পষ্ট অভিযোগ– ব্যৰ্থ মুখ্যমন্ত্ৰীক আঁতৰাই প্ৰভাৱ থকা নিৰ্দিষ্ট জনগোষ্ঠীৰ নৱাগত বিধায়কক নতুন মুখ্যমন্ত্ৰী পাতিছে বিজেপিয়ে।


কংগ্ৰেছে আগন্তুক দিনত দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিগৰাকীৰ মতে কংগ্ৰেছে পুনৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব। আগন্তুক উপ–নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈছে বুলি কয় নাজিৰাৰ জনপ্ৰতিনিধিগৰাকীয়ে।


ছটা সমষ্টিতে নিৰ্বাচনী কমিটি গঠন কৰি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি আছে। ইফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত কোনো স্পষ্ট মন্তব্য আগবঢ়োৱা নাই কেন্দ্ৰীয় জনজাতি মন্ত্ৰী অৰ্জুন মুন্ডাই। সেয়ে সংবাদ মেল অনুষ্ঠিত কৰি অৰ্জুন মুন্ডাক সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই। ৰাজীৱ ভৱনৰ সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ লগতে মীৰা বৰঠাকুৰ আৰু মনজিৎ মহন্ত উপস্থিত আছিল।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি