‘নিজৰ মানসিকতা উদঙাইছে শিলাদিত্যই, স্বৰ্গদেউ চ্যুকাফাৰ বিৰুদ্ধে মন্তব্য কৰা গৰ্গৰ বিৰুদ্ধে কি ব্যৱস্থা ল’লে মুখ্যমন্ত্ৰীয়ে?’

শিলাদিত্য দেৱৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ
শিলাদিত্য দেৱৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ
- News18 Assam
- Last Updated: August 9, 2020, 6:35 PM IST
ছৈয়দ আব্দুল মালিকে বৌদ্ধিক জেহাদ কৰা বুলি মন্তব্য কৰি শিলাদিত্য দেৱে নিজৰ নিকৃষ্ট মনোভাৱ তথা নিজৰ জ্ঞানৰ পৰিধিক সকলোৰে আগত উদঙাই দিলে বুলি কয় বিৰোধী দলপতি গৰাকীয়ে। হোজাইৰ বিধায়ক শিলাদিত্য দেৱ এনেধৰণৰ কথা বতৰাৰে সমাজলৈ বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি শিলাদিত্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে দেৱব্ৰত শইকীয়াই।
ইয়াৰ পূৰ্বে চাওলুং চ্যুকাফাৰ বিৰুদ্ধে পশ্চিম বংগৰ গাৰ্গ চেটাৰ্জীয়ে কৰা অপমান সূচক মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সোণোৱালে কেৱল গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়েই কিয় দায়িত্ব সামৰিলে বা আজিলৈকে কিয় একো ব্যৱস্থা ল’ব নোৱাৰিলে, সেই কথাও আঙুলিয়াই দিয়ে বিৰোধী দলপতিগৰাকীয়ে।