‘হিমন্ত বিশ্বই যুদ্ধ আৰু প্ৰেমত ব্যৱহৃত কৌশলেৰে বশ কৰিলে শ্বেৰমানক’- অভিযোগ বিৰোধী দলপতিৰ

News18 Assam | News18-Assam
Updated:October 29, 2020, 5:45 PM IST
‘হিমন্ত বিশ্বই যুদ্ধ আৰু প্ৰেমত ব্যৱহৃত কৌশলেৰে বশ কৰিলে শ্বেৰমানক’- অভিযোগ বিৰোধী দলপতিৰ
মিঞা মিউজিয়ামৰ প্ৰসংগত এই গুৰুতৰ অভিযোগ এইবাৰ উত্থাপন কৰিলে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ 

মিঞা মিউজিয়ামৰ প্ৰসংগত এই গুৰুতৰ অভিযোগ এইবাৰ উত্থাপন কৰিলে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ 

  • Share this:
কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ আৰু প্ৰেমত ব্যৱহাৰ কৰা কৌশলেৰে বশ কৰিলে ৷ মিঞা মিউজিয়ামৰ প্ৰসংগত এই গুৰুতৰ অভিযোগ এইবাৰ উত্থাপন কৰিলে খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

মিঞা মিউজিয়ামৰ ৰাজনীতিত তোলাপাৰ ৰাজ্যৰ ৰাজনীতি ৷ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চিঠি লিখি বিপদত শ্বেৰমান আলী আহমেদ ৷ আনকি বিপদত পৰিছে কংগ্ৰেছ দল।কিন্তু শ্বেৰমান আলী আহমেদ নিজৰ স্থিতিত অটল। শ্বেৰমানক লাগিবই মিঞা মিউজিয়াম।

অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী কমিটীৰ সিদ্ধান্তক লৈ আকোৰগোঁজ শ্বেৰমানকলৈ এতিয়া শ'লঠেকত পৰিছে কংগ্ৰেছ ৷ কিয়নো '২১ৰ নিৰ্বাচনৰ পূৰ্বে ইচ্ছ্যু বিচাৰি নোপোৱা বিজেপিৰ ক'ৰ্টলৈ বল ঠেলি দিলে কংগ্ৰেছী শ্বেৰমানে ৷ সেয়েহে বিধায়ক শ্বেৰমানক মুখবন্ধ কৰিবলৈ নিৰ্দেশনা দিবলগীয়া হ'ল APCCৰ সভাপতি ৰিপুণ বৰাই ৷ নিৰ্দেশ দিলে- ‘মিঞা মিউজিয়ামক লৈ আৰু মুখ নুখুলিব ৷’

তাৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰিছে বিস্ফোৰক মন্তব্য। বিৰোধী দলপতিৰ মতে,  NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমানক বশ কৰিলে ৷ বশ কৰিলে যুদ্ধ আৰু প্ৰেমত ব্যৱহাৰ কৰা কৌশলৰে ৷

মিঞা মিউজিয়ামৰ প্ৰসংগক লৈ বিজেপিয়ে ৰাজনীতি কৰি কংগ্ৰেছক পৰাভূত কৰিবলৈ বিচাৰিছে ৷ এই দাবী তুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- ‘বিধায়কসকলে আৰু এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকিব নালাগে ৷ প্ৰতিক্ৰিয়া প্ৰকাশৰ ক্ষেত্ৰত আমাৰ বিধায়কসকল সংযত হ'বৰ হ'ল ৷’

উল্লেখযোগ্য যে, অহা এক নৱেম্বৰত অসমলৈ প্ৰথমটো ভ্ৰমণসূচী লৈ আহি আছে APCCৰ নতুন তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং ৷ সিঙৰ অসম আগমনৰ পূৰ্বে এতিয়া মিঞা মিউজিয়ামক লৈ প্ৰদেশ কংগ্ৰেছ বেকফুটত পৰাত বিপাঙত পৰিছে সভাপতি ৰিপুণ বৰা৷
Published by: Himangshu Bhuyan
First published: October 29, 2020, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি