‘অৰুণোদয় আঁচনি সম্পূৰ্ণ ৰূপে নিৰ্বাচনী টোপ, ৮৩০ টকা নহয়, মাহে ৬০০০ টকা দিয়াৰ ব্যৱস্থা কৰক’

বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল অৰুণোদয় নামেৰে এখন অভিলাসী আঁচনি।
বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল অৰুণোদয় নামেৰে এখন অভিলাসী আঁচনি।
- News18 Assam
- Last Updated: August 14, 2020, 10:58 PM IST
দেৱব্ৰত শইকীয়াই কয় যে, ‘প্ৰথম কথা বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা এই আঁচনি খন সম্পূৰ্ণ আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ বনোৱা আঁচনি। তেওঁ নিজেই ১২ আগষ্টত সংবাদমেলযোগে কৰা ঘোষণাত ভোটাৰৰ কথা উল্লেখ কৰি কৈছিল- কোনটো সমষ্টিত কিমান লাখ ভোটাৰ এই আঁচনিৰ দ্বাৰা লাভাৱান্বিত হ'ব! জনসাধাৰণৰ কথা উল্লেখ কৰা নাছিল মাত্ৰ এটা ভোটৰহে অংক কৰিছিল।’
যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ক্ষমতালৈ আহিছে ন্যায় নামৰ এখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰিছিল। আৰু সেই আঁচনিখনৰ আলপ লৈ দেৱব্ৰত শইকীয়াই কয় যে, ‘ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মাপকাঠি নিৰ্ণয় কৰিবলৈ ২০০৫ চনত UPA চৰকাৰে এখন কমিটী গঠন কৰি দিছিল। আৰু এই দুই খন কমিটীয়ে যিসমূহ তথ্য দিছিল, তাৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ নেতা ৰাহুল গান্ধীয়ে এই দৰিদ্ৰ পৰিয়াল সমূহক ল’ক ডাউনৰ সময়ছোৱাত প্ৰতি মাহে নূন্যতম ৬০০০ টকাকৈ আৰ্থিক অনুদান দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল।’
দেৱব্ৰত শইকীয়াই এই প্ৰশ্ন কৰাৰ লগতে, চৰকাৰক "ন্যায়" আঁচনিৰ লগত সংগতি ৰাখি প্ৰতিটো হিতাধিকাৰী পৰিয়ালক নূন্যতম ৬০০০ টকাকৈ মাহিলী আৰ্থিক অনুদান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও মাত্ৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালকে নহয়, নিম্ন মধ্যবিত্ত পৰিয়ালকো এই আচঁনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে বিৰোধী দলপতিগৰাকীয়ে।