অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই চৰকাৰৰ পক্ষত থাকিম বুলি পণ ল’লে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে (Raha MLA Shashikanta Das)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita) গামোচা পিন্ধাই আদৰিলে শশীকান্ত দাসক। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ চৰণ চুই সেৱা কৰি শশীকান্ত দাসে ক’লে – ‘মই চৰকাৰৰ পক্ষত থাকিম।’
শশীকান্ত দাসে বিজেপিত যোগ দিবলৈ মন মেলাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘দুটা পৰ্যায়ত বিধায়ক আমাৰ মাজলৈ আহিব। আগতে দল এৰি BJPত যোগ দিছিল ৷ এতিয়া চৰকাৰৰ পক্ষত থাকিব ৷ ৰহাৰ বিধায়ক শশীকান্ত দাসে চৰকাৰত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আৰু আমি তেওঁক আদৰিছো ৷ এনেকৈ আৰু আহি থাকিব। বহুতেই যোগাযোগ কৰি আছে ৷ কিন্তু আমাৰ গেলেৰীটো সৰু ৷ অধ্যক্ষই গেলেৰীটো ডাঙৰ কৰি দিলে বাকী সকলো আহিব।'’
শশীকান্ত দাসে বিজেপিৰ শৰণাপন্ন হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia) কয়, ‘‘এয়া গণতন্ত্ৰৰ বাবে ভাবুকি৷ আমি TVত চাইহে গম পাইছো শশীকান্ত দাসে বিজেপিলৈ যোৱাৰ কথা৷’’
‘‘ভয়-ভাবুকি, প্ৰলোভনেৰে শশীকান্ত দাসক বিজেপিলৈ নিছে। এজন শশীকান্ত গ'লেই কংগ্ৰেছ শেষ হৈ নাযায়। বিজেপিয়ে সদায় ভয় দেখুৱাই, কেতিয়াবা ভাবুকি দিয়ে। আৰু কেতিয়াবা প্ৰলোভনেৰে নিজ দললৈ বিধায়কক আমদানি কৰে। শশীকান্ত দাসে ভালকৈ প্ৰশিক্ষণ নল'লে। তিনিদিনৰ প্ৰশিক্ষণ শিবিৰত মাত্ৰ দুঘণ্টাৰ বাবেহে আছিল শশীকান্ত। শশীকান্ত যোৱাৰ পিছত কংগ্ৰেছ লেতু-সেতু হোৱা বুলি ব্ৰেকিঙত নিদিব। বিজেপিয়ে সংবিধান ওলোটাকৈ লিখিব বিচাৰিছে। কিন্ত কংগ্ৰেছে সেয়া হ'বলৈ নিদিয়ে।’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|