• Home
  • »
  • News
  • »
  • assam
  • »
  • খিলঞ্জীয়াৰ স্বীকৃতি দি অসমখন টুকুৰা টুকুৰ কৰাটো উচিত হোৱা নাই – ক’লে দেৱব্ৰত শইকীয়াই

খিলঞ্জীয়াৰ স্বীকৃতি দি অসমখন টুকুৰা টুকুৰ কৰাটো উচিত হোৱা নাই – ক’লে দেৱব্ৰত শইকীয়াই

FilePhoto

FilePhoto

কীৰ্তি কমল বৰাৰ ঘটনা সন্দৰ্ভত শইকীয়াই কয়, কীৰ্তি কমল বৰাৰ ছাত্ৰ সন্থাৰ আছিল কাৰণে গুৰুত্ব পালে। অসমৰ বহু মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছে।

  • Share this:
ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। শইকীয়াই কৰয়, খিলঞ্জীয়াৰ স্বীকৃতি দি অসমখন টুকুৰা টুকুৰ কৰাটো উচিত হোৱা নাই। চৈয়দ আব্দুল মালিক খিলঞ্জীয়া নহয় বুলি কোনেও কেতিয়াও কোৱা নাই। চৰকাৰৰ এই স্বীকৃতি অপ্ৰয়োজনীয়।

কীৰ্তি কমল বৰাৰ ঘটনা সন্দৰ্ভত শইকীয়াই কয়, কীৰ্তি কমল বৰাৰ ছাত্ৰ সন্থাৰ আছিল কাৰণে গুৰুত্ব পালে। অসমৰ বহু মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছে। পুলিচৰ দায়িত্ব আদালতত হাজিৰ কৰোৱা, বিচাৰ কৰোৱা নহয়। যিসকলক অসম আৰক্ষীয়ে পংগু কৰিছে সকলোকে ক্ষতিপূৰণ দিয়ক।

আনহাতে, কেবিনেটৰ সিদ্ধান্তক জুমলাবাজী আখ্যা ৰফিকুল ইছলামৰ। তেওঁ কয়, যুগ যুগৰ পৰা খিলঞ্জীয়াসকলক অ-খিলঞ্জীয়া মন্ত্ৰীয়ে এতিয়া চাৰ্টিফিকেট বিতৰণ কৰিছে। ইংৰাজৰ দৰে চৰকাৰে জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰিব বিচাৰিছে।

কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ ভুৱা বুলি CIDয়ে দিয়া চাৰ্জশ্বিটক আদৰণি জনালে ৰফিকুল ইছলামে। CBIৰ দ্বাৰা অসমৰ সকলো এনকাউণ্টাৰৰ ঘটনাৰ তদন্ত কৰাৰ দাবী।

ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, ‘ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী যশোৱন্ত সিনহা এজন যোগ্য ব্যক্তি। বাকী বিৰোধী দলৰ মাজত কংগ্ৰেছো এটা দল, AIUDFও এটা দল। নিজে নেতৃত্ব ল'বলৈ শক্তি নথকা কংগ্ৰেছে কিয় AIUDFক আক্ৰমণ কৰিছে সেয়া বুজা নাই।’
Published by:Sanjay Kumar Das
First published: