• Home
  • »
  • News
  • »
  • assam
  • »
  • সফল মুখ্যমন্ত্ৰীকো কিয় দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব নিদিয়ে BJP–এ?

সফল মুখ্যমন্ত্ৰীকো কিয় দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব নিদিয়ে BJP–এ?

File Photo

File Photo

গুৱাহাটীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কি কৈ গ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

  • Share this:
সফলতাৰে পাঁচ বছৰ অসমৰ শাসনভাৰ চলোৱাৰ পিছতো দ্বিতীয়টো কাৰ্যকালৰ বাবে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ দায়িত্ব নিদিয়াৰ ব্যাখ্যা দেওবাৰে ৰাজহুৱাকৈ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ সফল হ'লেও মুখ্যমন্ত্ৰী সলনি BJPতহে সম্ভৱ বুলি কৈ সৰ্বানন্দ সোণোৱালে হাঁহি হাঁহি মুখ্যমন্ত্ৰীৰ আসন ড° হিমন্ত বিশ্ব শৰ্মাক এৰি দিয়াৰ কথা কোৱাৰ বিষয়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কঠোৰ ভাষাৰে সমালোচনা কৰে BJP আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক৷

“সফল হ'লেও সলনি হ'ব পাৰে মুখ্যমন্ত্ৰী৷ সফল মুখ্যমন্ত্ৰীক সলনি কৰি আন এজনক দায়িত্ব দিয়াতো কেৱল BJPতহে সম্ভৱ৷”- অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী৷


সৰ্বানন্দ সোণোৱালক দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী পদত কিয় অধিষ্ঠিত নকৰিলে BJPয়ে? ইয়াৰ কাৰণ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ব্যাখ্যা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ শ্বাহে ক'লে- “BJPত সলনি হ'ব পাৰে মুখ্যমন্ত্ৰী ৷ সফলতাৰে পাঁচ বছৰ অসম চলোৱাৰ পিছতো সলনি হৈছিল মুখ্যমন্ত্ৰী৷ এয়া কেৱল BJPতহে সম্ভৱ হয়৷”

অৱশ্যে মুখ্যমন্ত্ৰীৰ চকী হাঁহি হাঁহি এৰি দিয়াৰ পিছত কেন্দ্ৰীয় কেবিনেটত স্থান পালে সৰ্বানন্দ সোণোৱালে৷ যাৰ বাবে অসমৰেই লাভ হ'ল বুলিও ৰাজহুৱাকৈ দেওবাৰে ক'লে অমিত শ্বাহে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই বক্তব্যৰ পিছত সোমবাৰে সৰব হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ দেৱব্ৰত শইকীয়াৰ দাবী- “দেশক ঝুমলা কৰিছিল অমিত শ্বাহে৷ ঝুমলাৰ পিছত এইবাৰ অসমক বাহ দিছে অমিত শ্বাহে৷”

অমিত শ্বাহক সমালোচনা কৰি ইমানতে শান্ত নাথাকিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ শইকীয়াই এইবাৰ ক'লে- “BJPত দুটা গোটৰ মাজত চলিছে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি৷ এটা গোটে আনটোক দিব বিচাৰে বাহ৷”

এয়াই ৰাজনীতি৷ ৰাজনীতিত অসম্ভৱ একো নাই৷
Published by:Sanjay Kumar Das
First published: