‘প্ৰধানমন্ত্ৰীয়ে মিছা মাতিছে, এতিয়াও ডিটেনশ্যন কেম্পত ৯০০ মানুহ আছে’

News18 Assam | News18-Assam
Updated:December 24, 2019, 3:36 PM IST
‘প্ৰধানমন্ত্ৰীয়ে মিছা মাতিছে, এতিয়াও ডিটেনশ্যন কেম্পত ৯০০ মানুহ আছে’
‘ৰাজ্যত এতিয়া চৰকাৰে যি মন যায় তাকে কৰিছে। আমাৰ ল’ৰাবোৰক সৰু সৰু কথাত ৰাষ্ট্ৰদোহৰ গোচৰ জাপি গ্ৰেপ্তাৰ কৰিছে’ - মন্তব্য দেৱব্ৰত শইকীয়াৰ।

‘ৰাজ্যত এতিয়া চৰকাৰে যি মন যায় তাকে কৰিছে। আমাৰ ল’ৰাবোৰক সৰু সৰু কথাত ৰাষ্ট্ৰদোহৰ গোচৰ জাপি গ্ৰেপ্তাৰ কৰিছে’ - মন্তব্য দেৱব্ৰত শইকীয়াৰ।

  • Share this:
‘ডিটেনশ্যন কেম্প নাই বুলি আসৈ মাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ১৯৯৮ চনত কেন্দ্ৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ডিটেনশ্যন কেম্প স্থাপন কৰিছিল। এতিয়াও প্ৰায় ৯০০ মানুহ কেম্পত আছে।’ – এই মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

শইকীয়াই কয় – ‘মাটিয়াত ৩ হাজাৰ বন্দী ৰাখিব পৰা কেম্পৰ নিৰ্মাণকাৰ্য চলি আছে। ডিটেনশ্যন কেম্প নাপাতিলে পুঁজি মুকলি কেন্দ্ৰই নকৰে।

NPRক লৈ দেৱব্ৰত শইকীয়াই কয় যে NPRৰ জৰিয়তে দেশত বিজেপি চৰকাৰে ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰিছে। এনে কাম এতিয়া অপ্ৰয়োজনীয়। NPRৰ যোগেদি অসম চুক্তিক উলংঘা কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে।

‘ৰাজ্যত এতিয়া চৰকাৰে যি মন যায় তাকে কৰিছে। আমাৰ ল’ৰাবোৰক সৰু সৰু কথাত ৰাষ্ট্ৰদোহৰ গোচৰ জাপি গ্ৰেপ্তাৰ কৰিছে’ - মন্তব্য দেৱব্ৰত শইকীয়াৰ।

আনহাতে, সাংসদ আব্দুল খালেকে কয় যে ডিটেনশ্যন কেম্প নাই বুলি কোৱা কথাই প্ৰমাণ কৰিছে চৰকাৰ মিথ্যাচাৰ।  মোদী আৰু অমিত শ্বাহৰ কথাৰ মিল নাই। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ এনে অৱস্থা হ'লে দেশ কেনেকৈ চলিব? কা বিৰোধী আন্দোলনত মাত মাতিলেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগাই। অখিল গগৈয়ে কোনো ৰাষ্ট্ৰদ্ৰোহ কৰা নাই, বিনাচৰ্তত মুক্তি দিব লাগে অখিল গগৈক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি