মুখ্যমন্ত্ৰী সোণোৱালৰ কি কামত গৰিহণা দিলে বিৰোধী দলপতিয়ে?

News18 Assam | News18-Assam
Updated:May 23, 2020, 8:38 AM IST
মুখ্যমন্ত্ৰী সোণোৱালৰ কি কামত গৰিহণা দিলে বিৰোধী দলপতিয়ে?
“চৰকাৰে নিজে যদি নিয়ম উলংঘা কৰে, তেন্তে সাধাৰণ জনতাক উপদেশ দি লাভ নহ'ব।’’ – দেৱব্ৰত শইকীয়া

“চৰকাৰে নিজে যদি নিয়ম উলংঘা কৰে, তেন্তে সাধাৰণ জনতাক উপদেশ দি লাভ নহ'ব।’’ – দেৱব্ৰত শইকীয়া

  • Share this:
এইবাৰ সমালোচনা নহয়৷ এইবাৰ গৰিহণা দিলে মুখ্যমন্ত্ৰীক৷ গৰিহণা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক গৰিহণা দি ক'লে, “COVID19ৰ বিপৰ্যয়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিজ চৰকাৰৰে নিয়ম-কানুন উলংঘা কৰিছে৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিজ সমষ্টি মাজুলীৰ আঁহতগুৰিত এখন ৰাজহুৱা সভা পাতি প্ৰায় ২০০০ মানুহক গোট খুৱাই‌ চৰকাৰী উন্নয়নমূলক আঁচনিৰ জৰিয়তে সাহায্য বিতৰণৰ কৰিলে৷ এই কাৰ্যক মই গৰিহণা দিছোঁ৷”

“চৰকাৰে নিজে যদি নিয়ম উলংঘা কৰে, তেন্তে সাধাৰণ জনতাক উপদেশ দি লাভ নহ'ব। মুখ্যমন্ত্ৰীয়ে কৰা কামক দেখি আন কোনো ৰাজনৈতিক নেতায়ো এনে কাৰ্য হাতত ল'ব পাৰে৷ সেয়ে মই মুখ্যমন্ত্ৰীক এই দুৰ্যোগৰ সময়ত এনেকুৱা ৰাজহুৱা কাৰ্যসূচী আয়োজন নকৰিবলৈ আহ্বান কৰিছোঁ,” ক'লে বিৰোধী দলপতি শইকীয়াই৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading