মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দেশ আৰু অসমক কোনে কোনে ভাল পায়? মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ সূত্ৰক লৈ জাঙুৰ খাই উঠিল বিৰোধী

দেশ আৰু অসমক কোনে কোনে ভাল পায়? মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ সূত্ৰক লৈ জাঙুৰ খাই উঠিল বিৰোধী

News18 Assam | News18-Assam
Updated:July 26, 2021, 5:10 PM IST
দেশ আৰু অসমক কোনে কোনে ভাল পায়? মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ সূত্ৰক লৈ জাঙুৰ খাই উঠিল বিৰোধী
ফণী তালুকদাৰে আজমলক এৰি BJPলৈ যাবনে?

ফণী তালুকদাৰে আজমলক এৰি BJPলৈ যাবনে?

  • Share this:

দেশ আৰু অসমক ভাল পোৱা সকলো বিধায়ক কম দিনৰ ভিতৰত একেখন মঞ্চত দেখা পাব বুলি সোমবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বিৰোধী বিধায়কৰ BJPলৈ গমন সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিল বিৰোধী কংগ্ৰেছ আৰু AIUDF ৷ বিৰোধীৰ প্ৰশ্ন- 'দেশপ্ৰেম কি BJP আৰু RSSৰ পৰা শিকিব AIUDF–কংগ্ৰেছে?'


দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰা অনুষ্ঠানত গেৰুৱা বসন পিন্ধি উপস্থিত হৈছিল AIUDFৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ ৷ অমিত শ্বাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত BJPৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে গোপন মন্ত্ৰণাত মিলিত হয় AIUDFৰ বিধায়কজন ৷ চৰ্চা চলি আছে AIUDF এৰি সোনকালে BJPত যোগ দিব ফণী তালুকদাৰে ৷


দেওবাৰৰ এই ঘটনাৰ পিছত সোমবাৰে মুখ খুলিলে ফণী তালুকদাৰে ৷ ফণী তালুকদাৰে সাংবাদিকক ক'লে- “মোক লৈ চলা বিৰ্তকটো সংবাদ মাধ্যমৰ সৃষ্ট ৷ BJPত মই যাম বুলি এতিয়াই ভবা নাই ৷ গ'লে নিশ্চয় আপোনালোকক জনাম ৷ BJPলৈ ভুবনেশ্বৰ কলিতাও গৈছে ৷ মইনো কোন? অৱশ্যে মই আজি গেৰুৱা কাপোৰ পিন্ধি অহাৰ বাবে আপোনালোকে প্ৰশ্ন কৰিছে ৷ কৰিব পাৰে প্ৰশ্ন ৷ মোৰ সমষ্টিত হিন্দু ভোটাৰৰ পৰিসংখ্যা দেখি BJPলৈ যাম বুলি চৰ্চা চলিছে ৷”



AIUDFৰ ফণী তালুকদাৰৰ দৰে কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ নামো এতিয়া ব্যাপক চৰ্চাত আছে ৷ বিৰোধী বিধায়কৰ BJP গমনক লৈ সোমবাৰে পুৱা সাংবাদিকে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৷ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে- “দেশ আৰু অসমক ভালপোৱাসকল আহিব BJPলৈ ৷ একেখন মঞ্চত একেলগে দেখিব সকলোকে ৷”


দেশ আৰু অসমক ভালপোৱা কথা কোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিৰোধী দলপতি ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন- “মুখ্যমন্ত্ৰীৰ পৰা শিকিম নেকি দেশপ্ৰেম? BJP-RSSৰ পৰা নিশিকোঁ দেশপ্ৰেম?”


একেদৰে মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ বিষয়টোক লৈ গৰজি উঠিল AIUDFৰ বিধায়ক ৰফিকুল ইছলাম ৷ ডা° হাফিজ ৰফিকুল ইছলামৰ দাবী- “দেশ স্বাধীনৰ যুঁজত ভূমিকা নাই RSS-BJPৰ ৷ RSS-BJPৰ পৰা নিশিকোঁ দেশপ্ৰেম কি?”


মুঠতে বিৰোধীৰ বিধায়কৰ BJP গমনৰ বিষয়টো গৰম হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে দেশক আৰু অসমক ভালপোৱাৰ বিষয়টো উত্থাপন কৰাত এতিয়া অধিক জটিল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷

Published by: Gautam Barman
First published: July 26, 2021, 5:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি