APSC ৰ ২০১৩ বৰ্ষৰ নিযুক্তিৰ ন্যায়িক তদন্তৰ প্ৰতিবেদনক চৰকাৰে কাৰ্যকৰী নকৰা কাৰ্যক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ভৰত নৰহৰ ৷ একাংশ প্ৰাৰ্থীক ৰক্ষনাবেক্ষন দিয়াৰ বাবেই এগৰাকী ন্যায়াধীশৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ বাবে চাব কমিটি গঠন কৰাৰ অভিযোগ ৷
বিধান সভাৰ বাজেট অধিৱেশনত এইবাৰ এপিএচচি প্ৰসংগ ৷ বিধায়ক ভৰত নৰহৰ প্ৰশ্ন ২০১৩ বৰ্ষৰ তদন্ত আয়োগৰ প্ৰতিবেদন ক্ষেত্ৰত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? ৰাজ্য চৰকাৰৰ উত্তৰ প্ৰতিবেদন পুনৰীক্ষণৰ বাবে মুখ্যসচিবৰ নেতৃত্বত চাব কমিটি গঠন কৰি দিছে ৷ যিহেতু মন্ত্ৰী সভাই ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন সম্পূৰ্ণ ৰূপে মানি লোৱা নাই যাৰ বাবে প্ৰতিবেদন বিধান সভাত উত্থাপন কৰিব পৰা নাযায় ৷ সমগ্ৰ বিষয়টো লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া দাবী চৰকাৰে একাংশক ৰক্ষনাবেক্ষণ দিয়াৰ বাবেহে ২০২২ চনত চাব কমিটি গঠন কৰিছিল ৷ কিন্তু এতিয়ালৈকে কোনো প্ৰতিবেদন দাখিল নাই কৰা ৷ যদু মধু হৰি আয়োগৰ অধক্ষ্যৰ দায়িত্ব দিলে আইনী সুৰঙা থাকিব পাৰে ৷ কিন্তু ন্যায়াধিশক দায়িত্ব দিলে সকলো পক্ষই ভাষ্য লৈ আইনগত ন্যায় দিব পাৰে ৷ চৰকাৰে সদনত দিয়া তথ্য মতে ২০১৩ আৰু ২০১৪ চনৰ এপিএছচিৰ ৬০ গৰাকীক বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তাৰে ৫৭ জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ তিনি গৰাকী বিষয়া চৰকাৰী সাক্ষী হোৱাৰ বাবে নিলম্বন কৰা হৈছে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 21, 2023, 20:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।