ৰাজধানী গুৱাহাটীৰ বাহিৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক আয়োজন কৰাক লৈ বিৰোধী কংগ্ৰেছ আৰু AIUDFয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কাম নকৰা মন্ত্ৰীক পিকনিক খোৱাবলৈ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বাহিৰত কেবিনেট পাতিছে বুলি AIUDFয়ে কটাক্ষ কৰিছে ৷ লগতে বিত্তীয় মন্দাৱস্থাৰ সময়ত ৰাজভঁৰালৰ ধন চৰকাৰে অপচয় কৰা বুলি কংগ্ৰেছে সমালোচনা কৰিছে ৷
ৰাজধানী গুৱাহাটীৰ বাহিৰত ধেমাজিত ড° হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma)ৰ প্ৰথমখন কেবিনেট বৈঠক (cabinet meeting) অনুষ্ঠিত হৈছিল ৷ ইয়াৰ পিছত কাইলৈ অনুষ্ঠিত হ'ব বঙাইগাঁৱত ড° শৰ্মাৰ কেবিনেট বৈঠক ৷ ইয়াৰ বাবে ইতিমধ্যে আটকধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে বঙাইগাঁও চহৰ ৷ প্ৰতিমাহত এখনকৈ কেবিনেট গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠিত কৰাৰ সিদ্ধান্তক এতিয়া বিৰোধী কংগ্ৰেছ আৰু AIUDFয়ে সহজভাৱে লোৱা নাই ৷ কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহে এই সন্দৰ্ভত মঙলবাৰে কৰিলে প্ৰশ্ন– “ৰাজ্যৰ বিত্তীয় মন্দাৱস্থাৰ সময়ত গুৱাহাটীৰ বাহিৰত কিয় পাতিব লাগে?”
প্ৰদেশ কংগ্ৰেছ (APCC)ৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও সমালোচনা কৰিলে চৰকাৰৰ এই সিদ্ধান্তক ৷ গোস্বামীৰ দাবী– “গুৱাহাটীৰ বাহিৰত কেবিনেট পাতি ৰাজভঁৰালৰ ধন কিয় অপচয় কৰিছে চৰকাৰে?”
বিৰোধী AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই বঙাইগাঁৱত কেবিনেট বৈঠক আয়োজন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বৰভূঞাই চৰকাৰক কটাক্ষ কৰি কয়– “কাম নকৰা মন্ত্ৰীসকলক পিকনিক খোৱাবলৈ মুখ্যমন্ত্ৰীয়ে বাহিৰত কেবিনেট পাতিছে ৷”
ইপিনে সপ্তাহে সপ্তাহে কেবিনেট বৈঠক অনুষ্ঠিত কৰা আৰু সাপ্তাহিক কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ ওপৰতো সমালোচনা কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ গোস্বামীৰ দাবী- “এনেদৰে সাপ্তাহিক কেবিনেট পাতি থাকিলে এটা সময়ত কেবিনেটত প্ৰতি মঙলবাৰে গুৱাহাটীৰ গছৰ তলৰ পাতবোৰ চাফা কৰাৰ বাবে সিদ্ধান্ত ল'ব লাগিব ৷ নহ'লে কি সিদ্ধান্ত লৈ চমক দিব চৰকাৰে ?”
এনেদৰেই গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাক লৈ চৰকাৰক সমালোচনা কৰিলে বিৰোধী কংগ্ৰেছ আৰু AIUDFয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|