মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Petrol Price Hike: মোদী চৰকাৰৰ ভিতৰুৱা কথা মুকলি কৰাৰ বাবে তেলীক গামোচাৰে আদৰিবলৈ সাজু জাকিৰ হুছেইন শিকদাৰ

Petrol Price Hike: মোদী চৰকাৰৰ ভিতৰুৱা কথা মুকলি কৰাৰ বাবে তেলীক গামোচাৰে আদৰিবলৈ সাজু জাকিৰ হুছেইন শিকদাৰ

News18 Assam | News18-Assam
Updated:October 10, 2021, 7:02 PM IST
Petrol Price Hike: মোদী চৰকাৰৰ ভিতৰুৱা কথা মুকলি কৰাৰ বাবে তেলীক গামোচাৰে আদৰিবলৈ সাজু জাকিৰ হুছেইন শিকদাৰ
ৰামেশ্বৰ তেলীৰ বক্তব্যক লৈ জাঙুৰ খাই উঠিল বিৰোধী কংগ্ৰেছ-AIUDF

ৰামেশ্বৰ তেলীৰ বক্তব্যক লৈ জাঙুৰ খাই উঠিল বিৰোধী কংগ্ৰেছ-AIUDF

  • Share this:

কোভিড ভেকচিন  বিনামূলীয়াকৈ দিয়াৰ বাবেই সা-সামগ্ৰীৰ দাম বাঢ়িছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে  শনিবাৰে দাবী কৰিছিল ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এনেদৰে কোৱাত বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে মোদী চৰকাৰৰ ভিতৰুৱা কথাবোৰ মুকলি কৰাৰ বাবে তেলীক আদৰণি জনাই আৰু তেলীক লগ পালে গামোচাৰে আদৰিব বুলি কয় ৷


জাকিৰ হুছেইন শিকদাৰে ক'লে- “ৰাজমেশ্বৰ তেলীক ধন্যবাদ জনাইছোঁ ৷ তেলী সহজ–সৰল মানুহ বাবে মোদী চৰকাৰৰ বৰঘৰৰ ভিতৰৰ খবৰ জনাই দিলে । মই তেলীক লগ পালে গামোচা দি আদৰিম। তেওঁ সঁচা কথা কৈছে । তেলীয়ে বিজেপিৰ আচল চৰিত্ৰ উদঙাই দিছে। তেওঁৰ মন্ত্ৰিত্ব পদ যাব বুলি নিশা মোৰ  টোপনি অহা নাই ৷ পেট্ৰ'ল পাম্পত গ্ৰাহক গৈ মোদীৰ ফটোখনলৈ চাই ৰাইজে কয়- তৃতীয় বাৰলৈ আৰু শাস্তি দিব আহিব নালাগে ৷”


একেদৰে ৰামেশ্বৰ তেলীৰ বক্তব্যক লৈ বিৰোধী AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ কৰিম উদ্দিনে ক'লে- “মূল্যবৃদ্ধিৰ প্ৰসংগত বিজেপি নেতাৰ মন্তব্যক গুৰুত্ব নিদিয়ে জনসাধাৰণে ৷ ৰণজিৎ কুমাৰ দাসে  আগতে ক'ভিডৰ বাবে কণীৰ দাম বৃদ্ধি হোৱা বুলি কোৱাৰ দৰেই মন্তব্য কৰিছে ৰামেশ্বৰ তেলীয়ে । এইবোৰ মিছা কথা কৈ আঁভুৱা–ভাৰিছে বিজেপিয়ে ৷ তেওঁলোকৰ মূল্যবৃদ্ধিৰ ৰিপ্লাই নাই, ৰিপ্লাই এটাই আমি গৰুখুটিত মিঞা মাৰিছোঁ ৷ মিঞাৰ ভোট নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে । এয়া গণতন্ত্ৰত কেনেকৈ গ্ৰহণযোগ্য হ'ব? বিজেপিয়ে চিৰিঞ্জ লগাই তেজ শুহাৰ দৰে শুহিছে মানুহক ৷”



AIUDFৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামেও উভতি ধৰিলে ৰামেশ্বৰ তেলীক ৷ আমিনুল ইছলামে ক'লে- “ৰামেশ্বৰ তেলীয়ে স্পষ্ট কৰিলে ভেকচিনেচন ফ্ৰী নহয়  ৷ ভাৰতৰ ভেকচিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত পানী দিয়াৰ প্ৰসংগয়ো আহিছে । সকলোতে মূল্য বৃদ্ধি হৈছে । নিৰ্বাচনৰ সময়ত বণিয়াৰ পৰা লোৱা টকা ঘূৰাই দিবলৈ মূল্যবৃদ্ধি কৰাইছে । মন্ত্ৰীৰ কথাই মোদী চৰকাৰৰ এজেণ্ডা উদঙাই দিলে, ভিতৰুৱা এজেণ্ডা উদঙালে তেলীয়ে, এইটো সত্য কথা মোদীয়ে লুকুৱাই ৰাখিছিল ।


লগতে কেন্দ্ৰীয় মন্ত্ৰী তেলীক আক্ৰমণ কৰি আমিনুল ইছলামে ক'লে- “হায়াৰ ছেকেণ্ডাৰী পাছ কৰা এজনক ভাৰত চৰকাৰৰ মন্ত্ৰিত্ব দায়িত্ব দিছে, তেনে মন্ত্ৰী এজনৰ পৰা আৰু কি আশা কৰিব পাৰি।”


এনেদৰে বিৰোধীয়ে পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধিক লৈ সৰৱ হৈ উঠাৰ সময়তে মন্ত্ৰী পীয়ূষ হাজৰিকাই পেট্ৰ'ল-ডিজেলৰ দাম সোনকালে কমিব বুলি সদৰী কৰে ৷

Published by: Gautam Barman
First published: October 10, 2021, 7:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি