OPINION- কংগ্ৰেছৰ CAAক অৰ্থহীন কৰাৰ গেৰেণ্টী; ৰাজ্য চৰকাৰে এখন কেন্দ্ৰীয় আইনক অৰ্থহীন কৰিব পাৰিবনে?

News18 Assam | News18-Assam
Updated:March 11, 2021, 10:13 PM IST
OPINION- কংগ্ৰেছৰ CAAক অৰ্থহীন কৰাৰ গেৰেণ্টী; ৰাজ্য চৰকাৰে এখন কেন্দ্ৰীয় আইনক অৰ্থহীন কৰিব পাৰিবনে?
কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয়ৰ সন্দৰ্ভত আইন এখন গৃহীত কৰাৰ কৰ্তৃত্ব যেনেকৈ সংসদৰ ঠিক তেনেকৈ আইনখন বাতিল কৰাৰ বা কাম নোহোৱা কৰাৰ একতিয়াৰো সংসদৰ।

কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয়ৰ সন্দৰ্ভত আইন এখন গৃহীত কৰাৰ কৰ্তৃত্ব যেনেকৈ সংসদৰ ঠিক তেনেকৈ আইনখন বাতিল কৰাৰ বা কাম নোহোৱা কৰাৰ একতিয়াৰো সংসদৰ।

  • Share this:
কংগ্ৰেছৰ ৫ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ এটা অন্যতম প্ৰতিশ্ৰুতি হৈছে নাগৰিকত্ব সংশোধনী আইন,  আন এখন আইন প্ৰৱৰ্তন কৰি অৰ্থহীন (Null and Void) কৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ মতে দলটোৱে ‘অসম বচাওঁ আহক যাত্ৰাৰ’ যোগেদি অসমৰ জনগণৰে মত-বিনিময় কৰি এই পাঁচ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কিছুদিনৰ আগতে তেজপুৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত এই পাঁচ প্ৰতিশ্ৰুতিৰ কথা ঘোষণা কৰে।  কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই দিশত আইনজ্ঞক বিধেয়কৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি অৱগত কৰে। এই নতুন বিধেয়কক নৱ গঠিত কংগ্ৰেছ চৰকাৰে  আইনলৈ ৰূপান্তৰ কৰি CAAক অৰ্থহীন কৰিব। কিন্তু প্ৰশ্নটো হৈছে এখন সংসদৰ উভয় সদনত গৃহীত হোৱা আইন ৰাজ্য চৰকাৰে অৰ্থহীন কৰিব পৰাৰ কৰ্তৃত্ব আছে জানো ? বা এখন কেন্দ্ৰীয় আইনক override কৰিব  পৰা  আন এখন আইন ৰাজ্য চৰকাৰে গৃহীত কৰিব পাৰে জানো ?

নাগৰিকত্ব সংশোধনী আইনে চুবুৰীয়া দেশত ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতলৈ পলায়ন কৰা সংখ্যালঘু লোকক  ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। নাগৰিকত্ব এটা কেন্দ্ৰীয় সূচীত (Union List) অন্তৰ্ভুক্ত বিষয়। ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদৰ উভয় সদনত দুই তৃতীয়াংশ ভোটেৰে বিধেয়কখন গৃহীত হৈছিল আৰু পৰ্যায়ক্ৰমে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত এই বিধেয়ক আইনলৈ ৰূপান্তৰ হৈছিল। এই আইনখন যিহেতু স্বয়ংক্ৰিয় নহয় গতিকে ইয়াক প্ৰযোজ্য কৰিবলৈ প্ৰয়োজন যাৱতীয় বিধিৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক বিধি প্ৰস্তুত কৰি সংসদীয় কমিটীক দাখিল কৰিবলৈ ইতিমধ্যে সময়সীমা বান্ধি দিয়া হৈছে। উত্তৰ পূৱৰ ষষ্ঠ অনুসূচী আৰু ILPৰে সুৰক্ষিত অঞ্চলসমূহত এই আইন প্ৰযোজ্য নহয়। কিন্তু কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি কিমান বাস্তৱ সন্মত? যদিওবা ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ গঠন হয় তেতিয়াও জানো এই আইন তেওঁলোকে অর্থহীন কৰিব বা কাৰ্যকৰী হোৱাত আইনগত ভাৱে বাধা দিব পাৰিব?

কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয়ৰ সন্দৰ্ভত আইন এখন গৃহীত কৰাৰ কৰ্তৃত্ব যেনেকৈ সংসদৰ ঠিক তেনেকৈ আইনখন বাতিল কৰাৰ বা কাম নোহোৱা কৰাৰ একতিয়াৰো সংসদৰ। ইয়াৰ কাৰণে এখন Repealing Bill উত্থাপন কৰি অনুৰূপ ধৰণে গৃহীত কৰিব লাগিব । উল্লেখযোগ্য যে, ২০১৯চনত The Repealing and Amendment Bill 2019 গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰে ৫৮খন আইন বাতিল কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে এখনে Union Listৰ এটা বিষয়ক কেন্দ্ৰ  কৰি আইন প্ৰণয়ন কৰাটো অসাংবিধানিক। অৱশ্যে আইনখনক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে ৰাজ্য চৰকাৰ। কিছুদিনৰ আগতে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কলিকতাৰ এখন ৰাজহুৱা মঞ্চত কৈছিল – নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ মাথোঁ দুটা স্থান আছে – সংসদ আৰু উচ্চতম ন্যায়ালয়।

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে, ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত আৰু Inner Line Permit (ILP)ৰে সুৰক্ষিত উত্তৰ পূৱৰ অঞ্চল সমূহত এই আইন প্ৰযোজ্য নহয় । ইংৰাজ শাসকে Bengal Eastern Frontier Regulation 1873 বলৱত্‍ কৰি উত্তৰ পূৱৰ একাংশ অঞ্চলক Inner Line Permit ৰে সুৰক্ষিত কৰিছিল। ইংৰাজৰ সময়ত অসমৰ একাধিক জিলাত এই নিয়ম প্ৰৱৰ্তন কৰাৰ তথ্য পোৱা যায়। অৱশ্যে স্বাধীনতাৰ পিছৰ পৰা নিয়মটো থাকিলেও কাৰ্যকৰী হোৱা নাছিল ।

লক্ষণীয় ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ মজিয়াত গৃহীত কৰাৰ এদিন পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন অধিসূচনা জাৰি কৰি ইংৰাজৰ সময়ৰ পৰা তালিকাভুক্ত অসমৰ জিলা সমূহক কৰ্তন কৰি মণিপুৰক ILP ব্যৱস্থাত অন্তৰ্ভুক্ত কৰে। ফলত সীমান্ত ৰাজ্যখনত CAA প্ৰযোজ্য নহ'ল । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত ILP বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। সংগঠনটোক সৰ্বোচ্চ ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰা অধিবক্তা ৰুণামণি ভূঞাই কয় – উচ্চতম ন্যায়ালয়ে অসমৰ ILP প্ৰযোজ্য কৰাৰ দিশত ৰায় প্ৰদান কৰিলে CAA অসমত retrospectively প্ৰযোজ্য নহ’ব। নতুবা অসমৰ দল সংগঠন সমূহে আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে যদি আইনখন সাংবিধানিক নহয় বুলি ঘোষণা কৰে তেতিয়া সমগ্ৰ দেশতে আইনখন প্ৰযোজ্য নহ’ব।

বহু কেইখন কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী লগতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়েও নিজ ৰাজ্যত আইনখন কাৰ্যকৰী কৰিবলৈ নিদিয়ে বুলি ঘোষণা কৰিছিল । কিন্তু তেতিয়াও কংগ্ৰেছ নেতা তথা আইনবিদ পি চিডাম্বৰমে আইনখন উচ্চতম ন্যায়ালয়ে বাতিল কৰিব বুলি আশা প্ৰকাশ কৰিছিল ।
Published by: Himangshu Bhuyan
First published: March 11, 2021, 10:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি