• Home
  • »
  • News
  • »
  • assam
  • »
  • Opinion: অসমতে অসমীয়া ভাষা বৰ্জন, বৰাকৰ ঘটনা কিয় আওকাণ কৰিব নোৱাৰি?

Opinion: অসমতে অসমীয়া ভাষা বৰ্জন, বৰাকৰ ঘটনা কিয় আওকাণ কৰিব নোৱাৰি?

অসমীয়াত্বক তেজত ৰোপণ কৰিব নোৱাৰিলে কেৱল বিক্ষিপ্ত বা ক্ষণিকৰ প্ৰতিক্ৰিয়াৰে অসমীয়াৰ ভৱিষ্যত যে সুৰক্ষিত কৰিব পৰা নাযাব সেয়া ক্ষুদ্ৰ প্ৰান্তীয় জাতিসত্তাৰ ইতিহাসে কয় ৷

অসমীয়াত্বক তেজত ৰোপণ কৰিব নোৱাৰিলে কেৱল বিক্ষিপ্ত বা ক্ষণিকৰ প্ৰতিক্ৰিয়াৰে অসমীয়াৰ ভৱিষ্যত যে সুৰক্ষিত কৰিব পৰা নাযাব সেয়া ক্ষুদ্ৰ প্ৰান্তীয় জাতিসত্তাৰ ইতিহাসে কয় ৷

অসমীয়াত্বক তেজত ৰোপণ কৰিব নোৱাৰিলে কেৱল বিক্ষিপ্ত বা ক্ষণিকৰ প্ৰতিক্ৰিয়াৰে অসমীয়াৰ ভৱিষ্যত যে সুৰক্ষিত কৰিব পৰা নাযাব সেয়া ক্ষুদ্ৰ প্ৰান্তীয় জাতিসত্তাৰ ইতিহাসে কয় ৷

  • Share this:
    সময়ে সময়ে বৰাক উপত্যকাৰ একাংশ উগ্ৰ বাঙালী জাতিয়তাবাদীৰ পৰা অসমীয়া জাতিলৈ ভাবুকি, সকীয়নি আদি আহে থাকে ৷ কেতিয়াবা বৰাকৰ কাণে কাণ বগায় একাংশ কলিকতীয়া বুদ্ধিজীৱীয়ে ৷ লক্ষ্য উদ্দেশ্য হয়তো বুজি বলৈ বাকী নাই এটাই অসমীয়া জাতিটোক দুৰ্বল কৰি অসমত বাঙালী আধিপত্যবাদৰ সঞ্চাৰ কৰি ক্ষমতা দখল আৰু সাংস্কৃতিক পৰিচয়ৰ অধিপত্য প্ৰতিষ্ঠা কৰা ৷ অসমক বংগৰ অংগ কৰি তোলাৰ ষড়যন্ত্ৰ আজিৰ নহয়, একালত অসমক বাংলাদেশৰ অংগৰাজ্য কৰি তোলাৰো ষড়যন্ত্ৰ চলিছিল ৷ গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰীৰ বলিষ্ঠ পদক্ষেপ আৰু মহাত্মা গান্ধী সহযোগিতাৰ বাবে সেই ষড়যন্ত্ৰ উফৰি গল ৷ পিছলৈ পৰিবেশ পৰিস্থিতি সলনি হল ৷ অসমত অসমীয়াই নিজৰ ভাষা আৰু মাধ্যমটোৰ বাবে দুবাৰকৈ সংগ্ৰাম কৰিবলগীয়া হল ৷

    একেখন অসমতে দুটা উপত্যকাত দুটাকৈ শ্বহীদ দিৱসো এই উদাৰতাৰ ৰম্যভূমি অসমতেই আছে ৷ তপোধীৰ ভট্টাচাৰ্য বা প্ৰদীপ দত্ত ৰয়ৰ দৰে উগ্ৰ বাঙালী জাতীয়তাবাদৰ প্ৰৱক্তাই অসমীয়া জাতিসত্তাক ভাবুকি দিব পৰা দিন আহিল ৷ বৰাকত বাংলা ভাষাৰ আধিপত্যই বৰাকৰ খিলঞ্জীয়া জাতিসত্তাক গ্ৰাস কৰি পেলালে ৷ অসমীয়া ভাষাৰ প্ৰতি এই বিদ্বেষৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াই নিজ ককাই ভাতৃৰ দৰে সহবাস কৰি জাতিটোক গঢ় দি আহিছে ৷ কাতি বিহুৰ পৱিত্ৰ দিনটোত অসমীয়া জাতিয়ে নিজৰ কঙালী ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছে ৷ বহুতেই নিজৰ আপোন মাতৃভাষাটোৰ প্ৰতি অহা ভাবুকি দেখি ক্ষোভ, দুখ আৰু হতাশাত ফাটি পৰিছে ৷ বৰাক উপত্যকাত কেৱল মাত্ৰ চৰকাৰী হৰ্ডিং এখনত অসমীয়া ভাষাটোক দেখি সহ্য কৰিব নোৱাৰা একাংশ বাঙালী উগ্ৰবাদীৰ এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে ৷ কিন্তু এই ঘটনা কেৱল আজিয়েই ঘটিছে এনে নহয় ৷ ই বিক্ষিপ্ত চিন্তা চেতনাৰো বহিঃপ্ৰকাশ বুলি নাভাবো ৷

    অসমতেই অসমীয়া ভাষাটোক সহ্য নকৰে ৷ ইয়েই প্ৰথমটো ঘটনা নহয় ৷ কেইবছৰমান আগতে পেট কটা 'ৰ' লিখা কাৰনেই অসম পৰিবহন নিগমৰ বাছ জ্বলাই পেলোৱা বাতৰি পঢ়া মনত আছে! অসমীয়াৰ উদাৰতাৰ মাজতে লাহে লাহে এইবোৰ ঘটনা সঁচাকৈ অনাকাংক্ষিত আৰু অবাঞ্চিত ৷ এনে ধাৰা চলি থাকিলে অনাগত পঞ্চাশ বছৰ নালাগে, দহ বছৰ পিচতেই অসমীয়া ভাষাটো সংখ্যালঘু হ’ব ৷ বৰাকত কেতিয়াও অসমীয়া ভাষিক দমন চলোৱাই নাই, কেৱল এখন বেনাৰ লগাইছিল! তাকো সহ্য নকৰে বৰাকৰ উগ্ৰ বাঙালী সংগঠনে ৷ কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল ৷

    অতীজৰে পৰা চলি থকা বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু মানসিক দূৰত্বএনে ঘটনাই ত্বৰান্বিত কৰি তুলিব ৷ ব্ৰহ্মপুত্ৰ উপত্যকাতো বাংলা ভাষাৰ প্ৰচলন আছে, আমি সহনশীলতাৰে গ্ৰহন কৰিছো ৷ আমাৰ মাজতে বাংলা মাধ্যমৰ শিক্ষানুষ্ঠান আছে, আমি সন্মানসহকাৰে মানি লৈছো ৷ কেৱল মাত্ৰ এখন হৰ্ডিং সহ্য কৰিব নোৱাৰাটোৱে সংগঠিত বাঙালী আগ্ৰাসনৰ ৰূপটোকে তুলি ধৰিছে ৷ CAAৰ দৰে আইনে অসমত বাঙালী জাতীয়তাবাদ আৰু ৰাজনৈতিক আগ্ৰাসনক শক্তিশালী কৰি তুলিছে ৷ ই তাৰেই বহিঃপ্ৰকাশ ৷

    অসমত একাংশ পূৰ্ববংগীয় মুছলমান সম্প্ৰদায়ৰ মানুহে (সকলো নহয়) ভাষিক পিয়লত মাতৃভাষা অসমীয়া নিলিখাৰ হুংকাৰ দি আহিছে বা একাংশই তেনে কৰিছেও ৷ অনাগত দিনত বৰাকৰ পৰা চলি থকা এই বাঙালী জাতীয়তাবাদৰ আগ্ৰাসনে ব্ৰহ্মপুত্ৰ উপত্যকাটো এই চামটোৰ সহযোগত অসমীয়া ভাষাটোক টেঁটুচেপা দিব ৷ তেওঁলোকে সততে যিটো ভাবুকি দিয়ে বা ব্লেকমেইলিং কৰিব খোজে, তেওঁলোকেও মূলতঃ বাংলা ভাষাটোৰ লগত সংযোজিত হবলৈ উঠিপৰি লগাৰ আশংকাই দেখা দিছে ৷ বহুতেই ইতিমধ্যে এই দিশত কাম কৰি আছে ৷

    অসমীয়াৰ উদাৰতাক একাংশই দুৰ্বলতা বুলি ল’লে ৷ এই সৰলতাৰ সুযোগত বৰাকৰ কছাৰী, ডিমাছা, বৰভূঞা, মাজাৰভূঞা আদি সকলোৰে জনগোষ্ঠীয় পৰিচয় লুপ্ত কৰি পেলালে ৷ এতিয়া জুই পুৰি হাত পালেহি ৷ অসম চৰকাৰে সময়োচিত আৰু বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰি জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানৰ সাৰ্থকতা প্ৰদৰ্শন কৰক ৷

    এতিয়া কিছুদিন প্ৰতিক্ৰিয়া হব, পৰস্পৰে বাক বিতণ্ডা বা বিতৰ্ক কৰিম ৷ কিন্তু সমাধান কত? কোনেও সংঘাতৰ কথা নক’ব, প্ৰতিৰোধৰ বাবে সাজু হব লাগিব ৷ আৰু কৰণীয় কি? অসমীয়া ভাষিক জাতিটোৰ বাবে এটা পৰিকল্পিত ৰণকৌশলৰ প্ৰয়োজন হৈছে ৷ আমি অসমীয়া জাতিসত্তাক পুনৰ উজ্জ্বীৱিত কৰিব লাগিব, বৰাকতো ঐতিহাসিক অসমীয়া শিপাৰ সন্ধান কৰিব লাগিব ৷ ডিমাচা, কছাৰী আৰু আন খিলঞ্জীয়া মানুহৰ লগত থিয় দিব লাগিব ৷ অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতাৰে জাতিটোক নৱজীৱন দিব লাগিব ৷ পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰাৰ সময়, নিজৰ সন্তানক জাতিপ্ৰেমৰ শিক্ষাৰে দীক্ষিত কৰি তুলিব লাগিব ৷

    এনে জটিল ক্ষণত ব্ৰহ্মপুত্ৰ উপত্যকাতেই হওক বা বৰাক উপত্যকাতেই হওক যিসকল বাংলাভাষীয়ে নিজকে অসমীয়া বুলি ভাবে বা অসমীয়া জাতীয়তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে অথবা অসমীয়া জাতিৰ স্ব–নিয়ন্ত্ৰণৰ অধিকাৰক সহনশীলতা আৰু উদাৰতাৰে স্বীকৃতি দিয়ে তেওঁলোকৰ দায়িত্ব বাঢ়িল ৷ তেওঁলোকে অসমীয়া বাঙালীৰ মাজত থকা সৌহাদ্যপূৰ্ণ সম্পৰ্কক টনকীয়াল কৰিবলৈ আগৰণুৱা হৈ কাম কৰিব লাগিব ৷ একাংশ উগ্ৰবাদীৰ পৰা অসমীয়া ভাষাৰ প্ৰতি অহা ভাবুকি তেওঁলোকে বুকুপাতি ওফৰাই দিবলৈ আগবাঢ়ি আহিলে ই হব অনাগত ভৱিষ্যতৰ বাবে এক নতুন আৰম্ভনি ৷

    আমি মনত ৰখা উচিত অসমীয়াৰ বাবে আৰু এখন অন্য দেশ নাই, নাই অন্য এখন ৰাজ্য ৷ অসমীয়াৰ বাবে জন্মভূমি, কৰ্মভূমি আৰু পূণ্যভূমি এই অসমখনেই  আনহাতে বাঙালী ভাষা আৰু জাতিসত্তা অসমৰ বাদেও অন্য দেশ আৰু ৰাজ্যত আছে ৷ আমি অসমত অসমীয়া ক’ব নোৱাৰিলে, লিখিব নোৱাৰিলে ক’ত জীয়াই থাকিব অসমীয়া জাতি, ভাষা? অসমীয়াৰ দৰে ক্ষুদ্ৰ আৰু প্ৰান্তীয় জাতিসত্তালৈ বিপদ আহি থাকিব, গতিকে আমাৰ সংগ্ৰাম কৰি যাব লাগিব ৷ জিকিবলৈ অস্ত্ৰ হ’ব লাগিব, সুগভীৰ উদাৰতা, আম্বিকাগিৰীৰ অগ্নিময়ী চেতনা, শংকৰ-আজানৰ সমদৰ্শী আদৰ্শ আৰু শান্তিপূৰ্ণ সহাৱস্থানত বিশ্বাসী অসমীয়া স্বাভিমান আৰু প্ৰাণত নিভাঁজ অসমীয়াত্ব ৷

    প্ৰতিটো সৰু বৰ খিলঞ্জীয়া জাতি উপজাতি আৰু জনজাতিক অসমীয়া ছাতিটোৰ তলত একত্ৰিত কৰিব নহলে বিভাজিত এই অসমীয়া সত্তাটোক বাহিৰৰ পৰা মষিমূৰ কৰিবলৈ সংগঠিত ষড়যন্ত্ৰ চলিয়েই থাকিব ৷ অসমীয়াত্বক তেজত ৰোপণ কৰিব নোৱাৰিলে কেৱল বিক্ষিপ্ত বা ক্ষণিকৰ প্ৰতিক্ৰিয়াৰে অসমীয়াৰ ভৱিষ্যত যে সুৰক্ষিত কৰিব পৰা নাযাব সেয়া ক্ষুদ্ৰ প্ৰান্তীয় জাতিসত্তাৰ ইতিহাসে কয় ৷
    First published: