• Home
  • »
  • News
  • »
  • assam
  • »
  • পূজাৰ ভিৰৰ সময়ত যাত্ৰীৰ ভ্ৰমণ সুগম কৰাৰ অৰ্থে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কেইখনমান পূজা বিশেষ ৰে'লৰ পৰিচালন

পূজাৰ ভিৰৰ সময়ত যাত্ৰীৰ ভ্ৰমণ সুগম কৰাৰ অৰ্থে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কেইখনমান পূজা বিশেষ ৰে'লৰ পৰিচালন

পূজা বিশেষ ৰে'লসমূহ কামাখ্যা– শিয়ালদহ- কামাখ্যা আৰু নিউ জলপাইগুড়ী – হাওড়া – নিউ জলপাইগুড়ীৰ মাজত চলিব।

পূজা বিশেষ ৰে'লসমূহ কামাখ্যা– শিয়ালদহ- কামাখ্যা আৰু নিউ জলপাইগুড়ী – হাওড়া – নিউ জলপাইগুড়ীৰ মাজত চলিব।

পূজা বিশেষ ৰে'লসমূহ কামাখ্যা– শিয়ালদহ- কামাখ্যা আৰু নিউ জলপাইগুড়ী – হাওড়া – নিউ জলপাইগুড়ীৰ মাজত চলিব।

  • Share this:
উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই আগন্তুক পূজাৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে আৰু চাৰিযোৰ পূজা বিশেষ ৰেল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। পূজা বিশেষ ৰে'লসমূহ কামাখ্যা– শিয়ালদহ- কামাখ্যা আৰু নিউ জলপাইগুড়ী – হাওড়া – নিউ জলপাইগুড়ীৰ মাজত চলিব। এই কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই।

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি সুবিধা পূজা বিশেষ ৰেল নং ৮২৩১৩ (শিয়ালদহ - কামাখ্যা) ৰে'লখনে এটা ট্ৰিপৰ বাবে ৩০ ছেপ্টেম্বৰ, ২০২২ (শুক্ৰবাৰে) ২৩.৫০ বজাত শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৭.৪৫ বজাত গোৱালপাৰা টাউন হৈ কামাখ্যাত উপস্থিত হবগৈ। উভতনি যাত্ৰাৰ দিশত, সুবিধা পূজা বিশেষ ৰেল নং ৮২৩১৪ (কামাখ্যা - শিয়ালদহ) ৰেলখন এটা ট্ৰিপৰ বাবে ০১ অক্টোবৰ, ২০২২ (শনিবাৰে) কামাখ্যাৰ পৰা ২৩.১৫ বজাত যাত্ৰা আৰম্ভ কৰি গোৱালপাৰা টাউন হৈ পিছদিনা ২২.৪০ বজাত শিয়ালদহত উপস্থিত হবগৈ।

সুবিধা পূজা বিশেষ ৰেল নং ৮২৩০১ (হাওড়া – নিউ জলপাইগুড়ী) ৰেলখনে ১ টা ট্ৰিপৰ বাবে ০৫ অক্টোবৰ, ২০২২ (বুধবাৰে) ২৩.৪০ বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১০.১০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হবগৈ।উভতনি যাত্ৰাৰ দিশত, সুবিধা পূজা বিশেষ ৰেল নং ৮২৩০২ (নিউ জলপাইগুড়ী - হাওড়া) ৰেলখনে ১ টা ট্ৰিপৰ বাবে ০৬ অক্টোবৰ, ২০২২ (বৃহস্পতিবাৰে) ১২.৩৫ বজাত নিউ জলপাইগুড়ীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ০০.৫০ বজাত হাওড়াত গৈ উপস্থিত হ'বগৈ।

পূজা বিশেষ ৰে'ল নং ০৩০২৭ (হাওড়া – নিউ জলপাইগুড়ী) ৰেলখনে আঠটা ট্ৰিপৰ বাবে ১২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২২ লৈ প্ৰত্যেক বুধবাৰে ২৩.৪০ বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা ১০.১০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হবগৈ। উভতনি যাত্ৰাৰ দিশত, পূজা বিশেষ ৰে'ল নং ০৩০২৮ (নিউ জলপাইগুড়ী - হাওড়া) ৰেলখনে আঠটা ট্ৰিপৰ বাবে ১৩ অক্টোবৰৰ পৰা ১ ডিচেম্বৰ, ২০২২ তাৰিখলৈ নিউ জলপাইগুড়ীৰ পৰা ১২.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০০.৫০ বজাত হাওড়াত গৈ উপস্থিত হবগৈ।

এচি পূজা বিশেষ ৰেল নং ০৩১৭৩ (শিয়ালদহ – কামাখ্যা) ৰেলখন আঠটা ট্ৰিপৰ বাবে ০৭ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰ, ২০২২ লৈ প্ৰত্যেক শুক্ৰবাৰে ২৩.৫০ বজাত শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১৭.৪৫ বজাত গোৱালপাৰা টাউন হৈ কামাখ্যাত গৈ উপস্থিত হবগৈ। উভতনি যাত্ৰাৰ দিশত, এচি পূজা বিশেষ ৰেল নং ০৩১৭৪ (কামাখ্যা - শিয়ালদহ) ৰেলখনে আঠটা ট্ৰিপৰ বাবে ০৮ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰ, ২০২২ লৈকে প্ৰত্যেক শনিবাৰে ২৩.১৫ বজাত কামাখ্যাৰ পৰা গোৱালপাৰা টাউন হৈ যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২২.৪০ বজাত শিয়ালদহত গৈ উপস্থিত হবগৈ।

উভয় দিশৰ যাত্ৰাৰ সময়ত সমস্ত পূজা বিশেষ ৰেল বান্দেল, আজিমগঞ্জ, মালদা টাউন আৰু কিষাণগঞ্জ হৈ চলাচল কৰিব। ইয়াৰ উপৰিও, বিদ্যমান গঠন, সময় আৰু ষ্টপেজৰ সৈতে আৰু সাতটা ট্ৰিপৰ বাবে ০৮০৪৮/০৮০৪৭ (নিউ জলপাইগুড়ী – সাঁতৰাগাছি জংচন- নিউ জলপাইগুড়ী)ৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰেল নং ০৮০৪৭ (সাঁতৰাগাছি জংচন – নিউ জলপাইগুড়ী) ১৬ ছেপ্টেম্বৰৰ পৰা ২৮ অক্টোবৰ, ২০২২ লৈ সাঁতৰাগাছি জংচনৰ পৰা প্ৰস্থান কৰিব। ৰেল নং ০৮০৪৮ (নিউ জলপাইগুড়ী – সাঁতৰাগাছি জংচন) ৰেলখনে ১৭ ছেপ্টেম্বৰৰ পৰা ২৯ অক্টোবৰ, ২০২২ লৈ নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি