যোৰহাটৰ পূজাডুবিত বুধবাৰে নিশা যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।
পূজাডুবি ফাঁচীআলিৰ নিৰঞ্জন নামৰ লোকজনৰ বাসগৃহত বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীৰ এটা দলে অভিযান চলায়। এই অভিযানত বাসগৃহটোৰ পৰা লুকুৱাই থোৱা অৱস্থাত 36.74 গ্ৰাম সন্দেহজনক ড্ৰাগছ আৰু বহুকেইটা সৰু সৰু টেমা আৰক্ষীয়ে উদ্ধাৰ কৰে।
ইয়াৰ পূৰ্বেও ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল নিৰঞ্জন নামৰ লোকজন। আৰক্ষীৰ অভিযানৰ পূৰ্বে নিৰঞ্জন পলাই যায় যদিও আৰক্ষীয়ে নিৰঞ্জনৰ পত্নীক গ্ৰেপ্তাৰ কৰিছে। এই বাসগৃহটোৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই অহা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|