ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অহা ২০ মাৰ্চত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷ পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানটোৰ উদ্বোধনী সভা অনুষ্ঠিত হ’ব বিয়লি চাৰি বজাত ৷
ৰাজ্যৰ ৫০গৰাকী জ্যেষ্ঠ আৰু প্ৰবীণ সাংবাদিকে ৫০ গছি বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৷ প্ৰবীণ সাংবাদিকসকলক প্ৰেছ ক্লাব (Guwahati Press Club)ৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰা হ’ব ৷ উদ্বোধনী সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্ৰগুপ্ত কাশ্যপ আৰু বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে অংশগ্ৰহণ কৰিব৷
সোণালী জয়ন্তী বৰ্ষ উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাবে ৰাজ্যৰ চাৰিগৰাকী প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অনিল বৰুৱা আৰু কনকসেন ডেকালৈ আগবঢ়াব জীৱনজোৰা সাধনা সন্মান ৷ একেটা অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ‘স্বৰ্ণিল’ উন্মোচন কৰা হ’ব ৷ ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ বাবে আৱণ্টন দিয়া ভূমিত প্ৰেছ ক্লাবৰ স্থায়ী গৃহৰ শিলান্যাসো সম্পন্ন কৰা হ’ব।
লগতে মুকলি কৰা হ’ব সাংবাদিকৰ সন্তানৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি– ''গিফট এ চাইল্ড এডুকেশ্যন''। সন্ধিয়া ৬.৩০ বজাত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৷ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, খগেন গগৈ, বিদ্যাসাগৰ, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা, ৰূপম ভূঞা, পদ্মনাভ, শংকুৰাজ, নাহিদ আফ্ৰিনে গীত পৰিৱেশন কৰাৰ লগতে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।
সোণালী জয়ন্তীৰ এই উদ্বোধনী অনুষ্ঠানত সকলো সাংবাদিক আৰু সংবাদ কৰ্মীৰ লগতে শুভাকাংক্ষীৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 18:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।