• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ এখন চহৰ, মন গ’লেই বাংলাদেশী য’ত অবৈধভাৱে অহা–যোৱা কৰিব পাৰে!

অসমৰ এখন চহৰ, মন গ’লেই বাংলাদেশী য’ত অবৈধভাৱে অহা–যোৱা কৰিব পাৰে!

  • Share this:
কৰিমগঞ্জ চহৰ অতি অসুৰক্ষিত। যিকোনো সময়তে চুবুৰীয়া দেশৰ পৰা মানুহ সোমাই ভাবুকিৰ সৃষ্টি কৰিব পাৰে। সীমা সুৰক্ষা বাহিনীয়েও য’ত একো কৰিব নোৱাৰে। কাইটীয়া তাঁৰৰ বেৰা আৰু সীমান্ত পথৰ অভাৱত ভালকৈ সুৰক্ষা প্ৰদান কৰিব পৰা নাই সীমা সুৰক্ষা বাহিনীয়ে।

যাৰ বাবে কৰিমগঞ্জ চহৰ সংলগ্ন এলেকাত অতি শীঘ্ৰে কাটা তাঁৰৰ বেৰা সহ সীমান্ত পথৰ কাম আৰম্ভ কৰি সুৰক্ষিত কৰাৰ দাবী উঠিছে। কৰিমগঞ্জৰ উন্মুক্ত সীমান্ত পৰিদৰ্শন কৰি আশংকা প্ৰকাশ কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই ।
উল্লেখ্যগোয্য যে, বিভিন্ন বাধা বিঘিনীৰ কাৰণে এতিয়াও সম্ভৱ হৈ উঠা নাই কৰিমগঞ্জ চহৰ সংলগ্ন ৪.৩৫ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাইটিয়া তাঁৰৰ বেৰা বহুৱাৰ কাম | জিলাৰ ৯৬ কিলোমিটাৰ বাংলাদেশ সীমান্তৰ সকলো ঠাইত কাইটীয়া তাঁৰৰ বেৰা থাকিলেও কৰিমগঞ্জ চহৰ সংলগ্ন সীমা নিৰ্ধাৰনকাৰী নৈ কুশিৱাৰাৰ পাৰৰ ৪.৩৫ কিলোমিটাৰ এলেকাত ৰাইজৰ সমস্যা আৰু বাংলাদেশৰ আপত্তিত  ১২ বছৰেও অসম্পূৰ্ণ হৈ থাকিল কাইটীয়া তাঁৰৰ বেৰাৰ ছীল।

আনকি নাই বৰ্ডাৰ ৰোড (সীমান্ত পথ), যাৰ বাবে ভালকৈ সুৰক্ষা প্ৰদান কৰিব পাৰা নাই সীমা সুৰক্ষা বাহিনীয়ে । এই অঞ্চলত কিবা এটা অসুবিধাৰ সৃষ্টি হ’লে বি.এছ.এফে বোকামাটি পাৰ হৈ কাৰোবাৰ ঘৰৰ চৌতালেৰে যাতায়াত কৰি চোৱাচিতা কৰিব লাগে সীমান্তৰ সমস্যা । অলপতে সকলো সমস্যাৰ সমাধান হলেও জিলা প্ৰশাসনৰ কিছু খামখেয়ালিৰ বাৱে পুনৰ বিপত্তি ঘটাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে।

নৈৰ কাষে কাষে বেৰা বহুয়া আৰু সীমান্ত পথ নিৰ্মানৰ বাবে দীৰ্ঘ বছৰ ধৰি সীমা নিৰ্ধাৰনকাৰী নৈৰ কাষৰীয়া এলেকাত বসবাস কৰা লোকসকলৰ পৰা পূৰ্বে ২ ফুট মাটি অধিগ্ৰহণ কৰাৰ পিছত এতিয়া পুনৰ তেওঁলোকৰ মাটিৰ বৃহৎ অংশ অধিগ্ৰহণৰ বাবে নিৰ্দেশ দিছে।

ইয়াক লৈ চৰম হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছে নৈ সীমান্তত থকা ৩৫০০ পৰিয়ালৰ মাজত। এফালে পূৰ্বে অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণৰ বাবদ চৰকাৰে ১৮ কোটি টকা মোকলাই দিলেও প্ৰশাসনে আজিলৈকে বহুতক দিয়া নাই ক্ষতিপূৰণৰ টকা।

অভিযোগ মতে, এচামে সেই টকা আত্মসাত্ কৰিছে । আনফালে এতিয়া পুনৰ দীৰ্ঘ বছৰ ধৰি বসবাস কৰা নৈ পৰীয়া লোকৰ পট্টা থকা মাটিৰ বৃহৎ অংশ অধিগ্ৰহণৰ বাবে নিৰ্দেশ আহিছে।
এই সমস্যা সমাধানৰ বাবে বুধবাৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই এলেকাত উপস্থিত হৈ ৰাইজৰ সৈতে আলাপ আলোচনা কৰে। লগতে বি.এছ.এফ.ৰ নাঁৱত উঠি চহৰৰ সংলগ্ন দেওপুৰৰ পৰা মুবাৰকপুৰলৈকে ৪.৩৫ কিলোমিটাৰ নৈ সীমান্ত পৰিদৰ্শন কৰে।



পৰিদৰ্শনৰ পাছত এই উন্মুক্ত সীমান্ত দেখি শংকিত হৈ পৰে সাংসদ গৰাকী। তেওঁ জনায়, যি কোনো সময়ত চুবুৰীয়া দেশৰ পৰা মানুহ সোমাই ভাবুকিৰ সৃষ্টি কৰিব পাৰে। সীমা সুৰক্ষা বাহিনীয়েও একো কৰিব নোৱাৰিব । গতিকে বৰ্তমানে মঞ্জুৰ হোৱা কাইটীয়া তাঁৰৰ বেৰা আৰু সীমান্ত পথ যিকোনো প্ৰকাৰে নিৰ্মাণ হ’বই লাগিব বুলি তেওঁ স্পষ্টকৈ কয় ।
First published: