உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শিৱ মন্দিৰ, মা বৰমানীৰ থানৰ পিছত ঘৰৰ মাটি ভেটিও খহনীয়াত জাহ যোৱাৰ উপক্ৰম! বাঘবৰৰ বড়ো মাতৃসকলৰ কৰুণ বিননী কোনে শুনিব?

    শিৱ মন্দিৰ, মা বৰমানীৰ থানৰ পিছত ঘৰৰ মাটি ভেটিও খহনীয়াত জাহ যোৱাৰ উপক্ৰম! বাঘবৰৰ বড়ো মাতৃসকলৰ কৰুণ বিননী কোনে শুনিব?

    সম্প্ৰতি বাঘবৰৰ বড়ো চুবুৰীত ব্ৰহ্মপুত্ৰ নৈয়ে চলাইছে ব্যাপক খহনীয়া ৷ একালত প্ৰায় তিনি শতাধিক বড়ো পৰিয়াল বাস কৰা বাঘবৰত আজিৰ মুহূৰ্তত অৱশিষ্ট মাথো দহটা বড়ো পৰিয়াল আছে যদিও ইয়াৰে ৬টা পৰিয়ালৰ ঘৰ বাৰী, ভেটি মাটি সম্পূৰ্ণৰূপে নৈত জাহ যোৱাৰ ফলত এইসকল লোকৰ সন্মুখত এতিয়া অন্ধকাৰ ভৱিষ্যত ৷

    • Share this:
    বানৰ লগতে এতিয়া ৰাজ্যত ভয়াৱহ হৈ পৰিছে খহনীয়া সমস্যা ৷ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বৰপেটাৰ বাঘবৰত সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে কালৰূপ ৷ নৈৰ খহনীয়াত ইতিমধ্যে জাহ যাবলৈ লৈছে বাঘবৰৰ নৈপৰীয়া লোকৰ ঘৰ দুৱাৰ, ভেটি মাটি, মঠ মন্দিৰ সত্ৰ আদি ৷

    সম্প্ৰতি বাঘবৰৰ বড়ো চুবুৰীত ব্ৰহ্মপুত্ৰ নৈয়ে চলাইছে ব্যাপক খহনীয়া ৷ একালত প্ৰায় তিনি শতাধিক বড়ো পৰিয়াল বাস কৰা বাঘবৰত আজিৰ মুহূৰ্তত অৱশিষ্ট মাথো দহটা বড়ো পৰিয়াল আছে যদিও ইয়াৰে ৬টা পৰিয়ালৰ ঘৰ বাৰী, ভেটি মাটি সম্পূৰ্ণৰূপে নৈত জাহ যোৱাৰ ফলত এইসকল লোকৰ সন্মুখত এতিয়া অন্ধকাৰ ভৱিষ্যত ৷ সেয়েহে নিজৰ মামা বুলি ভবা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এইসকল সহজ সৰল, অভাৱী বড়ো মহিলাৰ হাতযোৰ কৰি আহ্বান— আমাক কিবা এটা সহায় কৰক !!

    কেৱল পিতৃ পিতামহৰ ভেটি বুলিয়েই অনেক প্ৰতিকূলতাৰ মাজতো অৱশিষ্ট যি দহ ঘৰ বড়ো পৰিয়াল বাঘবৰত বাস কৰি আছিল সেইসকলেও এতিয়া বাঘবৰৰ পৰা বিতাৰিত হোৱাৰ পথত ৷ ইতিমধ্যে বিগত কেইটামান দিনৰ ভিতৰত ৬টা বড়ো পৰিয়ালৰ ঘৰবাৰী, ভেটি মাটিৰ লগতে শিৱ মন্দিৰ, মা বৰমানীৰ থান আদি ব্ৰহ্মপুত্ৰত বিলীন হৈ যোৱাৰ পিছত হয়তো অচিৰেই জাহ যাব আন কেইটা বড়ো পৰিয়ালৰো ভেটি ৷ ফলত বাঘবৰৰ পৰা নিৰাপদ ঠাই বিচাৰি আঁতৰি আহিবলৈ বাধ্য হ'ব বড়ো পৰিয়ালকেইটা ৷

    আৰু এনেদৰেই বাঘবৰত দশক দশক ধৰি চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবেই ব্ৰহ্মপুত্ৰৰ খহনীয়াত সকলো হেৰুৱাই বাঘবৰৰ সাতামপুৰুষীয়া ইতিহাস সামৰি আঁতৰি আহিবলৈ বাধ্য হ'ব বড়ো পৰিয়ালসমূহ ৷ আৰু ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবেই হেৰাই যোৱাৰ পথত বাঘবৰৰ খিলঞ্জীয়া অসমীয়া আৰু বড়ো মানুহৰ বসতিৰ ইতিহাস ৷

    ইপিনে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে খহনীয়াত আক্ৰান্ত পৰিয়ালসমূহক নিজাববীয়াকৈ সাহাৰ্য আগবঢ়াইছে,যদিও তেওলোকৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰক দাবী জনাইছে ৷
    Published by:Himangshu Bhuyan
    First published: