মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Electric bus service in Guwahati: অতীত হ'ব পেট্ৰল-ডিজেলৰ বাছ, শীঘ্ৰে গুৱাহাটীত চলিব কেৱল Electric Bus

Electric bus service in Guwahati: অতীত হ'ব পেট্ৰল-ডিজেলৰ বাছ, শীঘ্ৰে গুৱাহাটীত চলিব কেৱল Electric Bus

News18 Assam | News18-Assam
Updated:August 20, 2021, 2:18 PM IST
Electric bus service in Guwahati: অতীত হ'ব পেট্ৰল-ডিজেলৰ বাছ, শীঘ্ৰে গুৱাহাটীত চলিব কেৱল Electric Bus
কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যত প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকা দূৰণীবটীয়া বাছৰ চালক আৰু হেণ্ডিমেনসকলৰ বাবেও বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যত প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকা দূৰণীবটীয়া বাছৰ চালক আৰু হেণ্ডিমেনসকলৰ বাবেও বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ নাপাব পেট্ৰল-ডিজেলৰ ৰাজহুৱা বাছ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। অহা ৬ মাহৰ ভিতৰত গুৱাহাটীত চলিব কেৱল Electric বাছ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেৱল ইমানেই নহয়,  ৰাজ্য চৰকাৰে ইতিমধ্যে ২০০খন Electric বাছ কিনাৰ সিদ্ধান্ত লৈছে। চৰকাৰে নিজৰ এবছৰীয়া বৰ্যপুৰ্তিৰ সময়ত এই সপোন বাস্তবায়িত কৰিবলৈ চেষ্টা চলাব।

আনহাতে আজিৰ দিনটোতে কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যত প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকা দূৰণীবটীয়া বাছৰ চালক আৰু হেণ্ডিমেনসকলৰ বাবেও বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী  বাছ চালক আৰু হেণ্ডিমেনক ১০ হাজাৰ টকাৰ এককালিন আৰ্থিক সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে। ইয়াৰ ফলত উপকৃত হব প্ৰায় ৬০ হাজাৰ লোক। আনহাতে অহা  ১ ছেপ্তেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: August 20, 2021, 2:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি