হিন্দুস্থান কাগজ নিগমৰ অধীনৰ জাগীৰোডস্থিত নগাঁও কাগজ কল বন্ধ হোৱাৰ পিছত এইবাৰ বন্ধ হোৱাৰ দিশে গতি কৰিছে কাগজ কলৰ ভিতৰত অৱস্থিত মৰিগাঁও জিলাৰ একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খন ৷
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ অধীনত থকা কেন্দ্ৰীয় বিদ্যালয়খনলৈ শেহতীয়াকৈ নামি আহিছে অশনি সংকেত ৷ কেইবাগৰাকীও অভিভাৱকে জনোৱা অনুসৰি, বিভিন্ন সমস্যাৰে জৰ্জৰিত বিদ্যালয়খনত শেহতীয়াকৈ বন্ধ কৰি দিয়া হৈছে ২০২২-২৩ বৰ্ষৰ প্ৰথম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া ৷
অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই বিদ্যালয়ৰ অধ্যক্ষই ৷ জানিব পৰা মতে, বিগত কেইবা বছৰ ধৰি কেন্দ্ৰীয় বিদ্যালয়খনত সৃষ্টি হৈ আহিছে অচলাৱস্থাৰ ৷ যিয়ে বিদ্যালয়খন বন্ধ হৈ যোৱাৰ এক ইংগিত বহন কৰা বুলি শংকাত ভুগিছে স্থানীয় লোকে ৷ ইয়াকে লৈ চিন্তিত হৈ পৰিছে জাগীৰোডৰ শৈক্ষিক সমাজৰ লগতে অভিভাৱক সকলো ৷
নগাঁও কাগজ কলৰ অধীনত এখন প্ৰজেক্ট স্কুল হিচাপে কেন্দ্ৰীয় বিদ্যালয়খন চলি আছিল যদিও শেহতীয়াকৈ কাগজ কলটো বন্ধ হৈ পৰাত অন্ধকাৰৰ দিশে গতি কৰিছে বিদ্যালয়খনত অধ্যয়নৰত শ শ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ৷
ইফালে কাগজ কলৰ সকলো সা-সম্পত্তি অসম চৰকাৰৰ অধীনত অহাৰ পিছতো যদি জিলাখনৰ একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খনো বন্ধ হৈ পৰে, তেন্তে ই সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাবাসীৰ বাবেই এক দুৰ্ভাগ্যজনক বিষয় হ'ব বুলিও আক্ষেপ প্ৰকাশ কৰিছে অভিভাৱকসকলে ৷
জিলাখনৰ একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খন ৰক্ষাৰ স্বাৰ্থত জাগীৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ হস্তক্ষেপ বিচাৰিছে জাগীৰোডৰ শৈক্ষিক মহলে।
Published by: Gautam Barman
FIRST PUBLISHED : July 04, 2022, 13:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।