• Home
  • »
  • News
  • »
  • assam
  • »
  • Pathaan : অসমত 'পাঠান'ৰ অনলাইন টিকট বিক্ৰীত অভিলেখ! চিনেমা হল মালিক সন্থাৰ সংবাদমেল

Pathaan : অসমত 'পাঠান'ৰ অনলাইন টিকট বিক্ৰীত অভিলেখ! চিনেমা হল মালিক সন্থাৰ সংবাদমেল

তিনি দিনলৈ হাউছফুল, অনলাইনত বুকিং ৪০ লাখ টকাৰ টিকট

তিনি দিনলৈ হাউছফুল, অনলাইনত বুকিং ৪০ লাখ টকাৰ টিকট

তিনি দিনলৈ হাউছফুল, অনলাইনত বুকিং ৪০ লাখ টকাৰ টিকট

  • Share this:

'বেছৰম ৰং’ গীতটোত দীপিকা পাডুকনে পিন্ধা গেৰুৱা বিকিনিক লৈ দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে ২৫ জানুৱাৰীত মুক্তিৰ বাবে সাজু হৈছে শ্বাহৰুখ খানৰ বহু প্ৰতীক্ষিত ছবি ‘পাঠান’। ছবিখনৰ মুক্তিৰ পূৰ্বে ইতিমধ্যে অনলাইনযোগে বিক্ৰীৰ বাবে দেশজুৰি মুকলি কৰি দিয়া হৈছে টিকট। অনলাইন টিকট মুকলি কৰি দিয়াৰ লগে লগে ইয়াৰ বিক্ৰীয়ে  একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে অসমত।


সদৌ অসম চিনেমা হল মালিক সন্থাই আজি এখন সংবাদমেল সম্বোধন কৰি এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হোৱা বুলি দাবী কৰে। শুকুৰবাৰৰ পৰা দেওবাৰলৈ সকলো টিকট বিক্ৰী হৈছে অসমৰ চিনেমা হলসমূহত।


সংবাদমেলত বজৰং দলৰ কৰ্মীসকলে মহানগৰীৰ নাৰেংগীৰ এটা চিনেমা হলত ‘পাঠান’ ছবিখনৰ পোষ্টাৰ ফালি জ্বলাই দিয়া কাৰ্যত দুখ প্ৰকাশ কৰি কয় যে সেই ঘটনাত ১৫ পৰা ২০জন লোক আছিল, ইতিমধ্যে চিনাক্ত কৰা হৈছে যদিও ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাই। হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যত অনলাইন টিকট ক্ৰয়ৰ সংখ্যা বৃদ্ধি পোৱা বুলিও দাবী কৰে সদৌ অসম চিনেমা হল মালিক সন্থাই।


উল্লেখ্য যে শ্বাহৰুখ খানে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নিশা ২ বজাত চিনেমা হল মালিক সন্থাৰ ৰাজীৱ বৰাৰ  সৈতে ১৫ মিনিট সময় ধৰি কথা পাতি সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত বুজ লয়।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি