உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লকডাউনৰ বাবে স্থবিৰ হৈ পৰিছে ক্ৰীড়াজগত, কিন্তু কেনেকৈ আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা?

    লকডাউনৰ বাবে স্থবিৰ হৈ পৰিছে ক্ৰীড়াজগত, কিন্তু কেনেকৈ আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা?

    অসমৰ টাইকোৱানডো খেলুৱৈসকল যাতে ফিট হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ৷

    অসমৰ টাইকোৱানডো খেলুৱৈসকল যাতে ফিট হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ৷

    অসমৰ টাইকোৱানডো খেলুৱৈসকল যাতে ফিট হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ৷

    • Share this:
    কোৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবৎ কৰিছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ লকডাউনৰ বাবেই এতিয়া বন্ধ হৈ আছে স্কুল-কলেজ, দোকান-পোহাৰ, খেলা-ধুলা সকলো৷ এই লকডাউনৰ সময়ছোৱাত আন আন ক্ষেত্ৰসমূহৰ লগতে বাৰুকৈয়ে প্ৰভাৱিত হৈছে ক্ৰীড়াক্ষেত্ৰখনো৷ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে ক্ৰীড়াজগত৷ কিন্তু ইয়াৰ মাজতেই খেলুৱৈসকল যাতে সবল হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিতৰতে আগশাৰীৰ বিশ্বনাথৰ চেম্পিয়নচ মেকাৰ একাডেমীয়ে আয়োজন কৰিছে সদৌ অসম ভিত্তিত ফিটনেছ চেলেঞ্জ প্ৰতিযোগিতা৷

    বিশেষকৈ অসমৰ টাইকোৱানডো খেলুৱৈসকল যাতে ফিট হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাৰ৷ প্ৰতিদিনেই নতুন নতুন চেলেঞ্জ দি খেলুৱৈসকলৰ সক্ষমতাৰ ওপৰত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে চেম্পিয়নচ মেকাৰ একাডেমীৰ সঞ্চালক তথা বিশিষ্ট সমৰ কলাবিদ হৃদয়ানন্দ দাসে৷

    খেলুৱৈসকলক প্ৰতিদিনে প্ৰদান কৰা হয় নতুন নতুন  প্ৰত্যাহবান আৰু নিজৰ ঘৰতে থাকি খেলুৱৈসকলেও সেই প্ৰত্যাহ্বান গ্ৰহন কৰি ভিডিঅ’ প্ৰেৰণৰ যোগেদি অংশগ্ৰহনণ কৰিছে এই প্ৰতিযোগিতাত৷ পূৰ্বে খেলুৱৈসকলে ১ পৰা ১.৩০ ঘণ্টা অনুশীলন কৰিছিল যদিও প্ৰতিযোগিতাত টিকি থাকিবলৈ ২ৰ পৰা ৩ ঘণ্টা যুঁজি ভিডিঅ’ প্ৰস্তুত কৰে বাবেই খেলুৱৈসকলৰ সবলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোক সফল হৈছে বুলি লগতে উল্লেখ কৰে হৃদয়ানন্দ দাসে৷ এই প্ৰতিযোগিতাত ৱাটছএপৰ জৰিয়তে ৰাজ্যৰ দুশৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ দুশ প্ৰতিযোগীৰ মাজৰ পৰা পৰ্যায়ক্ৰমে বিচাৰকে  নিৰ্বাচন কৰিছে অন্তিম শ্ৰেষ্ঠ দহজন প্ৰতিযোগী৷ এই দহগৰাকী প্ৰতিযোগীৰ মাজৰ পৰাই নিৰ্বাচন কৰা হ’ব বিজয়ীসকলক৷
    First published: