দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক (State Bank of India)ত Savings একাউণ্ট খোলাটো সম্প্ৰতি অতি সহজ হৈ পৰিছে। ইয়াৰ বাবে কোনো কাগজৰ প্ৰয়োজন নাই বা বেংকৰ শাখালৈও যাব নালাগে। ঘৰত বহিয়েই মাত্ৰ ৪ মিনিটৰ ভিতৰতে খুলিব পাৰিব একাউন্ট। SBIয়ে ইনষ্টা ছেভিং বেংক একাউণ্ট(Insta Saving Bank Account ) প্ৰৱৰ্তন কৰিছে। ই হৈছে এটা তাৎক্ষণিক ডিজিটেল সঞ্চয় একাউণ্ট, য'ত গ্ৰাহকে বেংকৰ একত্ৰিত বেংকিং আৰু জীৱনশৈলী প্লেটফৰ্ম YONOৰ জৰিয়তে একাউণ্ট খুলিবলৈ অনুমতি প্ৰদান কৰে।
এছবিআইৰ এই ইনষ্টা ছেভিং বেংক একাউণ্টৰ গৰাকীয়ে প্ৰতিদিনে ২৪ ঘন্টাই বেংকিঙৰ সুবিধা লাভ কৰিব। সকলো নতুন এছবিআই ছেভিং বেংক একাউণ্টৰ গৰাকীয়ে মৌলিক ব্যক্তিগতৰূপে এটিএম তথা ডেবিট কাৰ্ডো লাভ কৰিব।
এই একাউণ্টত যদি ন্যূনতম বেলেন্স নাথাকে তেন্তে বেংকে কোনোধৰণৰ মাচুল কৰ্তন নকৰিব। এছবিআই ইনষ্টা ছেভিং বেংক একাউণ্টৰ গৰাকীয়ে সাতটা দিনেই ২৪ ঘণ্টাই বেংকিং সুবিধা লাভ কৰিব।
এনেদৰে খোলক এই একাউন্ট ->> এছবিআই ইনষ্টা ছেভিং বেংক একাউণ্ট খুলিবলৈ গ্ৰাহকসকলে YONO এপ ডাউনলোড কৰিব লাগিব।
>> আপোনাৰ পেন আৰু আধাৰৰ বিৱৰণ দি কৰি আৰু অ'টিপি জমা কৰিব লাগিব আৰু অন্যান্য বিৱৰণ পূৰণ কৰিব লাগিব।
>> ইনষ্টা ছেভিং বেংক একাউণ্টৰ গৰাকীৰ বাবে নমিনেচনৰ সুবিধাও উপলব্ধ আছে।
>> নমিনেচন এছএমএছ এলাৰ্ট আৰু এছবিআই কুইক মিছড কল সেৱাৰ সৈতে কাম কৰিব পাৰি।
>> এবাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত, একাউণ্টৰ গৰাকীৰ বহী তৎক্ষণাত সক্ৰিয় কৰা হ'ব আৰু লেনদেন আৰম্ভ কৰিব পাৰিব।
>> গ্ৰাহকসকলে তেওঁলোকৰ সম্পূৰ্ণ কেৱাইচি পূৰণ কৰিবলৈ এবছৰৰ ভিতৰত ওচৰৰ বেংক শাখালৈ যাব পাৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 18, 2021, 16:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|