মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অনলাইনত চাকৰি বিচৰাসকল সাৱধান! মৰিয়নীৰ এইজন যুৱকৰ দৰে আপুনিও চিকাৰ হ’ব পাৰে প্ৰৱঞ্চকৰ

অনলাইনত চাকৰি বিচৰাসকল সাৱধান! মৰিয়নীৰ এইজন যুৱকৰ দৰে আপুনিও চিকাৰ হ’ব পাৰে প্ৰৱঞ্চকৰ

News18 Assam | News18-Assam
Updated:June 12, 2020, 10:33 AM IST
অনলাইনত চাকৰি বিচৰাসকল সাৱধান! মৰিয়নীৰ এইজন যুৱকৰ দৰে আপুনিও চিকাৰ হ’ব পাৰে প্ৰৱঞ্চকৰ
অনলাইনত চাকৰিৰ আৱেদন কৰি যোৰহাট জিলাৰ মৰিয়নীৰ এজন যুৱকে হেৰুৱাবলগীয়া হ’ল নিজৰ সাঁচতীয়া ধন।

অনলাইনত চাকৰিৰ আৱেদন কৰি যোৰহাট জিলাৰ মৰিয়নীৰ এজন যুৱকে হেৰুৱাবলগীয়া হ’ল নিজৰ সাঁচতীয়া ধন।

  • Share this:
আপোনাৰ বেংকৰ জমা ধন কেনেদৰে হৰলুকী কৰিব পাৰি তাৰ বাবে প্ৰৱঞ্চকৰ দলে নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে। প্ৰৱঞ্চকে পতা জালত পৰিলে আপুনি নিমিষতে সৰ্বস্বান্ত হৈ পৰিব পাৰে। আপুনি অনলাইনত বিভিন্ন প্ৰতিষ্ঠানৰ ৱেবছাইটত গৈ চাকৰি সন্ধান কৰিছে নেকি? তেনে হ'ল সাৱধান হওক। কাৰণ অনলাইনযোগে চাকৰি দিয়াৰ নামত এটা প্ৰৱঞ্চকৰ দলে পাতিছে জাল। শেহতীয়াকৈ অনলাইনত চাকৰিৰ আৱেদন কৰি যোৰহাট জিলাৰ মৰিয়নীৰ এজন যুৱকে হেৰুৱাবলগীয়া হ’ল নিজৰ সাঁচতীয়া ধন।

চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভন দি এটা অনলাইন প্ৰতিষ্ঠানে যুৱকজনৰ পৰা দহ টকা পঞ্জীয়ন মাছুলৰ ঠাইত সৰকালে দহ হাজাৰ টকা। জানিব পৰা মতে, মৰিয়নী পাৱাৰ গ্ৰীডত অস্থায়ী কৰ্মচাৰীৰূপে কৰ্মৰত যুৱকজনৰ নাম প্ৰবীৰ ব'ৰ। এটা স্থায়ী চাকৰি বিচাৰি অনলাইনৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠানক নিজৰ বায়’ডাটা প্ৰদান কৰি থৈছিল ব'ৰে।

শেহতীয়াকৈ তেওঁলৈ reference2sign.com নামৰ এটা চাকৰি সম্ভেদ দিয়া প্ৰতিষ্ঠানৰ পৰা ফোন আহে আৰু যুৱক জনক এটা ভাল চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিনিময়ত ব'ৰক সেই প্ৰতিষ্ঠানটোৰ ৱেছাইটত গৈ অনলাইন পঞ্জীয়ন কৰিবলৈ জনায়। ৱেব ছাইটত পঞ্জীয়ন কৰাৰ বাবদ দহ টকা পঞ্জীয়ন মাচুল তেওঁৰ পৰা বিচাৰে। যুৱকজনে অনলাইনৰ জৰিয়তে দহ টকা পঞ্জীয়ন মাচুল প্ৰতিষ্ঠানটোক প্ৰদান কৰে।

কিন্তু পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ অন্তত যুৱকজনৰ ম'বাইললৈ অহা বেংকৰ মেছেজ চাই মূৰত সৰগ ভাগি পৰা যেন হয়। দহ টকাৰ ঠাইত যুৱকজনৰ বেংক একাউণ্টৰ পৰা অন্তৰ্ধান হয় দহ হাজাৰ টকা। তৎক্ষণাত প্ৰতিষ্ঠানটোৰ লগত তেওঁ যোগাযোগ কৰাত উক্ত ধন ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ওভতাই দিয়া হ'ব বুলি জানিবলৈ দি যুৱকজনৰ পৰা কৌশলেৰে ক্ৰেডিট কাৰ্ডৰ সবিশেষো সংগ্ৰহ কৰি লয়।

ইয়াৰ পিছত প্ৰতিষ্ঠানটোৰ সৈতে যুৱকজনে বহু চেষ্টা কৰিও পুনৰ যোগাযোগ কৰিবলৈ সক্ষম নহ'ল। ভুক্তভোগী যুৱকজনে গুগলত প্ৰতিষ্ঠানটোৰ অনুসন্ধান কৰাত সেইটো এটা প্ৰৱঞ্চক প্রতিষ্ঠান বুলি জানিব পাৰে। নিজৰ কষ্টোপাৰ্জিত ধন হেৰুৱাই এতিয়া যুৱকজন কাষ চাপিছে মৰিয়নী আৰক্ষীৰ।
First published: June 12, 2020, 10:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি