অনলাইনত ম’বাইল ফোন অৰ্ডাৰ কৰিছে নে কি? সাৱধান হওক, কলিয়াবৰৰ ডেলিভাৰী বয়ৰ কাণ্ড চাওক

News18 Assam | News18-Assam
Updated:July 31, 2020, 9:57 AM IST
অনলাইনত ম’বাইল ফোন অৰ্ডাৰ কৰিছে নে কি? সাৱধান হওক, কলিয়াবৰৰ ডেলিভাৰী বয়ৰ কাণ্ড চাওক
উলুৱনি আৰক্ষীয়ে  ৫৯/২০২০ নম্বৰৰ গোছৰ মৰ্মে কলিয়াবৰৰ ভূৰবন্ধাৰ জমিৰ ৰহমানৰ  পৰা উদ্ধাৰ কৰে ফিৰজ উপাধ্যায়ে অৰ্ডাৰ কৰা ম'বাইল ফোনটো।  

উলুৱনি আৰক্ষীয়ে  ৫৯/২০২০ নম্বৰৰ গোছৰ মৰ্মে কলিয়াবৰৰ ভূৰবন্ধাৰ জমিৰ ৰহমানৰ  পৰা উদ্ধাৰ কৰে ফিৰজ উপাধ্যায়ে অৰ্ডাৰ কৰা ম'বাইল ফোনটো।  

  • Share this:
কলিয়াবৰত অনলাইন ম'বাইল গ্ৰাহকক ৰামঠগন ডেলিভাৰী বয়ৰ। অনলাইন গ্ৰাহকে অৰ্ডাৰ কৰা ম'বাইল বিক্ৰী কৰিলে মবাইল দোকানীক। চুৰি ম'বাইল বৈধৰূপে বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল ম'বাইল দোকানী।

কলিয়াবৰৰ হাতীবন্ধাৰ ফিৰজ উপাধ্যায় নামৰ লোকজনে এমাহ পূৰ্বে অনলাইনযোগে অৰ্ডাৰ দিছিল এটা ৰেডমি-৫ ম'বাইল।

কিন্তু , অনলাইনযোগে মবাইলৰ মূল্য পৰিশোধ কৰা ফিৰজ উপাধ্যায়ে নিৰ্ধাৰিত সময়ত ম'বাইল ফোন লাভ নকৰাৰ পিচত অভিযোগ দাখিল কৰে অনলাইন বিক্ৰয় প্ৰতিষ্ঠানক।   অনলাইন প্ৰতিষ্ঠানটোৱে ম'বাইলৰ আই-এম-ই-আই নম্বৰ ট্ৰেক কৰি লাভ কৰে ম'বাইলটো অৱস্থিতি। কলিয়াবৰৰ ভুৰবন্ধাৰ এজন ব্যক্তিৰ ওচৰত ম'বাইলটোৰ অৱস্থিতি তথ্য দিয়ে অনলাইন গ্ৰাহক ফিৰজ উপাধ্যায়ক।

তাৰ পিচতে উলুৱনী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী গ্ৰাহকজনে। উলুৱনি আৰক্ষীয়ে  ৫৯/২০২০ নম্বৰৰ গোছৰ মৰ্মে কলিয়াবৰৰ ভূৰবন্ধাৰ জমিৰ ৰহমানৰ  পৰা উদ্ধাৰ কৰে ফিৰজ উপাধ্যায়ে অৰ্ডাৰ কৰা ম'বাইল ফোনটো।



পৰবৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে ঘটনাৰ প্ৰকৃত ৰহস্য। ফিৰজ উপাধ্যায়ে অৰ্ডাৰ কৰা ম'বাইল ফোনটো ডেলিভাৰী বয়ে বিক্ৰী কৰিছিল জখলাবন্ধাৰ  Mobile Arkade নামৰ দোকানখনত। দোকানৰ গৰাকীয়ে  চুৰি মবাইলটো বৈধ কৰি বিক্ৰী কৰে ভূৰবন্ধাৰ জমিৰ ৰহমান নামৰ ব্যক্তিজনক।  

চুৰি মবাইল বৈধৰূপে বিক্ৰী কৰা দোকানখনৰ গৰাকী জেহিৰুল তালুকদাৰক আটক কৰে উলুৱনী আৰক্ষীয়ে।  আনহাতে, আৰক্ষীয়ে ডেলিভাৰী বয়ৰ সন্ধানত অব্যাহত ৰাখিছে অনুসন্ধান।

উল্লেখ্য যে, অনলাইন প্ৰৱঞ্চনাৰ বলি হোৱাৰ ঘটনা ৰাজ্যত এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ভিন্ন ঠাইত একাংশ গ্ৰাহকে অনলাইন প্ৰৱঞ্চনাৰ অভিযোগ কৰিছিল।

গতিকে অনলাইনত ভাললগা বস্তু অৰ্ডাৰ কৰোতে সাৱধান হওক আৰু নিজৰ সামগ্ৰীৰ তথ্যৰ ওপৰত চকু ৰাখক। কলিয়াবৰৰ ফিৰজ উপাধ্যায়ৰ লগত হোৱা কাণ্ড সকলোৰে বাবে শিক্ষা হোৱা উচিত। তেওঁ ম’বাইল ফোনটো ঘুৰাই পাই নে নাপায় সেয়া এতিয়াও স্পষ্ট নহয়। ইয়াত ডেলিভাৰী বয়জনৰ ভুলৰ লগতে অনলাইন কোম্পানীটোৰ প্ৰতিও উঠিছে অভিযোগৰ আঙুলি।

উল্লেখ্য যে, নতুন উপভোক্তা সুৰক্ষা অধিনিয়মত গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ কাৰণে বিভিন্ন ব্যৱস্থাৰ কথা উল্লেখ আছে।
First published: July 31, 2020, 9:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading